গোলাঘাটৰ পৰা মীনাক্ষি ফুকন:
ৰাজ্যজুৰি দিয়া সপ্তাহান্তৰ 'লকডাউন'ৰ সম্পূৰ্ণ প্ৰভাৱ পৰিল গোলাঘাট চহৰত।গণ সংক্ৰমণৰ আতংকত ত্ৰস্তমান চহৰবাসীয়ে ৰাজ্য চৰকাৰৰ নিৰ্দেশনা সম্পূৰ্ণ পালন কৰি প্ৰশাসনক কৰা সহযোগত শনিবাৰ পৰা দেওবাৰ,এই দুটা দিন চহৰখন সম্পূৰ্ণ নিস্তব্ধ হৈ পৰা দেখা গ'ল।বন্ধ হৈ পৰা চহৰখনত জিলা প্ৰশাসন আৰু গোলাঘাট পৌৰসভাই অগ্নি নিৰ্ব্বাপক বাহিনীৰ সহযোগত ছেনিটাইজেশ্যন কৰাও দেখা গ'ল।ইতিমধ্যে গুৱাহাটীৰ পিছতে গোলাঘাটত ক'ভিড ৰোগীৰ সংখ্যাই দ্বিতীয় স্থান লাভ কৰিছে।গোলাঘাট চহৰলৈ গণ সংক্ৰমণৰ চৰম ভাবুকি অহাৰ সময়ত গোলাঘাটবাসীৰ এনে সহযোগে ক'ৰ'না প্ৰতিৰোধৰ ক্ষেত্ৰত কিছু প্ৰভাৱ পেলাব বুলি ব্যক্ত কৰে জিলা প্ৰশাসনে।শনিবাৰলৈকে জিলাখনত ক'ভিড ৰোগীৰ সংখ্যা ১২১ হৈছে।লগতে,হাস্পতালৰ পৰা ৰিলিজ হোৱা ৰোগীৰ সংখ্যা হৈছে ১৬ জন।। ইয়াৰে এজনে যোৰহাট মেডিকেল কলেজ হাস্পতালৰ পৰা ৰিলিজ পাইছে।
- Log in to post comments
- 13 views