সৃজনগ্ৰামত আই নদীৰ বান-গড়াখহনীয়া 

Flood

বঙাইগাঁৱৰ প্ৰতিবেদক:

বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত সৃজনগ্ৰাম ৰাজহ চক্র এলেকাত আই নদীৰ বাঢ়নী পানীয়ে কাছাৰিপেটি,নাৰাৰভিটা,সন্তোষপুৰ, ডুমেৰগুৰি,টোপগাঁও আদিকে ধৰি দহখন গাঁৱৰ ঠাই বিশেষে জলমগ্ন কৰিছে।সেইদৰে আই নদীৰ বাঢ়নী পানীৰ সোঁতে ঠায়ে ঠায়ে সৃষ্টি কৰিছে গড়াখহনীয়াৰ।প্ৰাপ্ত তথ্য মতে,আই নদীৰ খহনীয়াই সৃজনগ্ৰাম ৰাজহ চক্রৰ কাছাৰিপেটি দ্বিতীয় খণ্ডৰ আব্দুল আৱাল,আজিম উদ্দিন,ছাইফুল ইছলাম, আব্দুল মান্নানৰ দুটা পৰিয়ালৰ ভেটি-মাটি  উছন কৰিছে।লগতে,নদীৰ খহনীয়াত আন ছটা পৰিয়ালৰ গৃহ জাহ যোৱাৰ উপক্রম হৈছে।আনহাতে,মেৰেৰচৰ গাঁও পঞ্চায়ত এলেকাতো আই নদীৰ খহনীয়া আৰম্ভ হৈছে। মূৰৰ ঘাম মাটিত পেলাই ধান,মৰাপাট আদিৰ খেতি কৰা কৃষকৰ আবাদী মাটি নদীত জাহ যোৱাৰ উপক্রম হৈছে।

Your Comments