দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বুৰবুৰী আকনা আৰু দোদেটীয়াত নোনা নৈয়ে ভয়াৱহ খহনীয়াৰ সৃষ্টি কৰিছে।নোনা নৈখনৰ মথাউৰিৰ এনে খহনীয়াত নৈপৰীয়া ৰাইজ শংকিত হৈ পৰা দেখা গৈছে।কেতিয়া নোনা নৈৰ বাঢ়নি পানীয়ে মথাউৰিৰ অংশ চিঙি নিয়ে,তাক লৈ স্থানীয় ৰাইজ শংকাত ভুগিছে।উল্লেখযোগ্য যে বুৰবুৰী,দোদেটীয়াত ঠাইত মথাউৰি ছিঙিলে অঞ্চলটোৰ বুৰবুৰী,নিজখগটা,বিলপাৰ,চিলিং,বাঘমাৰা,জাৱৰিহাটী,ৱৰজাৱৰিহাটী,আমৰা,ধনৰা,নাৰপাৰা দতৰা,ননৈ,বড়িদদৰা আদিকে ধৰি বহু গাঁঁও বানৰ কবলত পৰিব।ইফালে,শুকুৰবাৰে নিশা বুৰবুৰীত নোনা নৈৰ মথাউৰিটোৰ ওপৰেদি বাঢ়নী পানী বৈ অহাত ৰাইজে বস্তাত মাটি ভৰায় মথাউৰিত আঁঁৰি দি বিপদৰ পৰা ৰক্ষা পাবলৈ চেষ্টা কৰিছে।
কিন্তু,নলবাৰী জলসম্পদ বিভাগৰ কোনো এজন বৰমূৰীয়া তথা প্ৰশাসনৰ লোক উপস্থিত হোৱা নাই বুলি ৰাইজে জানিবলৈ দিয়ে।আনহাতে,আকনাত মথাউৰি ভাগিলে বৰবৰী,সঠামৌ,কাটুৰীয়া,বাঘমাৰা-কটকটীয়া, পোনাৰকাউনীয়া আদিকে ধৰি প্ৰায় ৫০ খন গাও প্লাৱিত হৈ পৰিব।ইফালে,নৈখনৰ এনে খহনীয়া হোৱাৰ পিছতো জলসম্পদ বিভাগ দায়িত্বহীনতাত সময় কটাইছে বুলি ৰাইজে অভিযোগ তুলিছে।উল্লেখ্য যে ঘগ্ৰাপাৰ ৰাজহ চক্ৰটোৰ ভিঠামহলতো নোনা নৈয়ে ব্যাপক খহনীয়াৰ সৃষ্টি কৰে বুলি জানিব পৰা গৈছে । ইফালে,নৈখনৰ বাঢ়নী পানীয়ে দোদেতীয়াত ৰঙিয়া সংয়োগী বাঁহৰ দলংখন উতুৱাই নিয়াৰ উপৰিও বুৰবুৰীত নৈখনে মথাউৰি ওপৰৰে বাঢ়নী পানী বৈ যাবলৈ ধৰাত নৈপৰীয়া ৰাইজ শংকিত হৈ পৰিছে।বিগত বৰ্ষতে ব্যাপক খহনীয়াৰ সৃষ্টি কৰাৰ পিছতো নলবাৰীৰ জলসম্পদ বিভাগে হাত সাবটি বহি থকা কাৰ্যই অঞ্চলটোৰ ৰাইজক ক্ষুদ্ধ কৰি তুলিছে। খৰালিৰ সময়ছোৱাত হাত সাৱটি বহি থকা জলসম্পদ বিভাগে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতো এনে অৱহেলা কৰি থকা তথা গুৰুত্ব নিদিয়াত এইবাৰ ভয়ংকৰ বিপদৰ সন্মুখীন হব যে ই প্ৰায় নিশ্চিত।উক্ত খহনীয়া প্ৰতিৰোধৰ বাবে আছু-যুৱ ছাত্ৰ পৰিষদে শীঘ্ৰ ব্যৱস্থা ল'বলৈ দাবী জনাইছে।কিছুদিন পূৰ্বে নলবাৰী জিলা উপায়ুক্তগৰাকীয়ে আকনাৰ মথাউৰিৰ জৰাজীৰ্ণ ৰূপ পৰিদৰ্শন কৰি নলবাৰী জলসম্পদৰ কাৰ্যবাহী অভিযন্তাক মথাউৰি নিৰ্মাণৰ নিৰ্দেশ দিছিল যদিও এই পৰ্যন্ত বিভাগীয় কৰ্তৃপক্ষই বিশেষ ব্যৱস্থা লোৱা নাই বুলি অভিযোগ উঠিছে।
- Log in to post comments
- 20 views