দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত তিনিখন গাঁৱৰ তিনিজন যুৱকৰ দেহত ক'ভিড-১৯ ধৰা পৰাৰ লগে লগে বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলত আতংকই বিৰাজ কৰিছে৷জানিব পৰা খবৰ মতে ঘগ্ৰাপাৰ বাঘমাৰা কুৰুৱৰী চুবুৰীৰ নিৱাসী স্বাস্থ্য কৰ্মী অতুল দাস আৰু এএনএম অনিমা দাসৰ পুত্ৰ জালুকবাৰী ইঞ্জিনিয়াৰিং কলেজৰ পৰা স্নাতক ডিগ্ৰী লৈ যোৱা মাৰ্চৰ পৰা ঘৰতে আছিল অলকেশ দাসে(২৩)। উল্লেখ্য যে যোৱা ২৩ জুনত ঘগ্ৰাপাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এটি চিকিৎসা কৰ্মীৰ দলে স্বাস্থ্য কৰ্মী অতুল দাস আৰু এএনএম অনিমা দাসৰ ছোৱাব সংগ্ৰহ কৰাৰ উপৰিও অলকেশৰ ছোৱাব সংগ্ৰহ কৰি গুৱাহাটীলৈ পঠাইছিল। শনিবাৰে পুৱা পোৱা খবৰ মতে অলকেশ দাস ক'ভিড-১৯ আক্ৰান্ত হৈছে।লগে লগে জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ নিৰ্দেশত ক'ভিড-১৯ জিলা চাৰ্ভিলেন্স বিষয়া ডাঃ সুৰেন্দ্ৰ মজুমদাৰে ১০৮ সেৱাৰে নলবাৰী ছহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ ক'ভিড-১৯ চিকিৎসালয়ত ভৰ্তি কৰায়। আনহাতে,অতুল দাসৰ পৰিয়ালটোক হোম কোৱাৰেন্টান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে। আনহাতে,অতুল দাস আৰু অনিমা দাসৰ সংস্পৰ্শলৈ অহা ঘগ্ৰাপাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এএনএম, এমপি ডব্লিউ,আশা কৰ্মী, স্বাস্থ্য কৰ্মী সকলো আতংকিত হৈ পৰিছে।উল্লেখ্য ছাত্ৰগৰাকী তলাবন্ধৰ পূৰ্বে ঘৰলৈ আহিছিল।ইফালে,নাৰিকুছি গাওঁৰ বাসিন্দা ললিত বেজবৰুৱাৰ পুত্ৰ থানেশ্বৰ বেজবৰুৱা গুৱাহাটীৰ ফাঁচী বজাৰৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মৰত হৈ আছিল।যোৱা ২০ জুনত থানেশ্বৰ বেজবৰুৱা ঘৰলৈ আহি ৩ দিন ঘৰতে থাকি পুনৰ গুৱাহাটীলৈ উভতি যায়।তাতে তেওঁ ছোৱাব পৰীক্ষা কৰে।তেওঁৰ দেহত কোনো ধৰণৰ ৰোগৰ লক্ষণ তথা
কোনো ভ্ৰমণ বৃত্তান্ত নথকা বাবে তেওঁ নিসন্দেহ হৈ আছিল যদিও যোৱা ২৫ জুনত ক'ভিড-১৯ পজিটিভ ধৰা পৰে।তাৎক্ষণিকভাৱে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাই চিকিৎসা কৰি থকা বুলি জানিব পৰা গৈছে।এই খবৰ পোৱাৰ পিছতেই ঘগ্ৰাপাৰ নাৰিকুছিতো হাহাকাৰ লাগে।ঘৰত থকাৰ সময়তে তেওঁ ওচৰ-চুবুৰীয়াৰ লগত বহুতৰ লগত সংস্পৰ্শলৈ আহিছিল বাবে এতিয়া তেওঁলোকৰ মাজতো আতংকই বিৰাজ কৰিছে।ইতিমধ্যে গাওঁখনৰ ৫ টা পৰিয়ালক গৃহত আৱদ্ধ হৈ থকাৰ পৰামৰ্শ দিয়ে।আনহাতে,থানেশ্বৰৰ ভাতৃ জয়ন্ত বেজবৰুৱাৰ সামান্য জ্বৰ-কাঁহ হৈ থকাৰ বাবে স্বাস্থ্য বিভাগে শুকুৰবাৰেই জয়ন্তক ১০৮ সেৱাৰে নি নলবাৰী ছহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰত ৰাখি চিকিৎসা প্ৰদান কৰি আছে।ইফালে,থানেশ্বৰৰ ভাতৃ এজনৰ ঘগ্ৰাপাৰত থকা চেলুন এখনত বহু লোকে চুলি-দাঢ়ি কাটিছিল বাবে এতিয়া তেওঁলোকেও ক'ৰ'নাৰ ভয়ত আতংকিত হৈছে।ইফালে,সাগৰকুছি গাঁঁৱৰ ৰিতু কলিতাৰ(২৩)দেহতো ক'ভিড-১৯ পজিটিভ ধৰা পৰে।ইতিমধ্যে,ৰিতু কলিতাক নলবাৰীৰ মেডিকেল কলেজ হাস্পতাত কোৱাৰেইন্টাইন কেন্দ্ৰত ৰাখি চিকিৎসা প্ৰদান কৰা হৈছে।আনহাতে,ৰিতু কলিতাৰ সংস্পৰ্শলৈ অহা মাতৃ ৰাধিকা কলিতাৰ লগতে সাগাৰকুছি গাঁঁৱৰ এএনএম স্বপনা বৰ্মন,আমলংজ্যোতি কলিতা, এমপিডব্লিউ গৌৰাংগ ডেকা,আশা কৰ্মী নীতা কলিতা,আশা কৰ্মী অৰ্পনা কলিতা আৰু অংগনবাড়ী সহায়িকা নিৰলা মেধি দাসৰ ছোৱাব সংগ্ৰহ কৰি গুৱাহাটীৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছে।সেয়েহে স্বাস্থ্য কৰ্মী, চিকিৎসক,ৰাইজ ক'ভিডৰ গণ সংক্ৰমণৰ আশংকত আতংকিত হৈ পৰিছে।
- Log in to post comments
- 87 views