কলা শাখাত প্ৰথম স্থান লাভৰে নগাঁৱলৈ গৌৰৱ কঢ়িয়ালে শ্ৰদ্ধা বৰগোঁহাইয়ে

Sraddha

নগাঁৱৰ পৰা ৱাহিদুদ জামান:

মেধাৱী ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ সপোন দিঠকত পৰিণত কৰা শিক্ষানুষ্ঠানত পৰিণত হোৱা নগাঁও চহৰৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ৰামানুজন জুনিয়ৰ কলেজে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শীৰ্ষ স্থান লাভৰ ধাৰাবাহিকতা এইবাৰো অক্ষুন্ন ৰাখিলে।বৃৃহস্পতিবাৰে ঘোষিত ২০২০ বৰ্ষৰ উচ্চতৰ মাধ্যমিক কলা শাখাৰ চূড়ান্ত পৰীক্ষাত নগাঁও চহৰৰ ৰামানুজন জুনিয়ৰ কলেজৰ মেধাৱী ছাত্ৰী শ্ৰদ্ধা বৰগোঁহাইয়ে ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান দখলৰে শিক্ষানুষ্ঠানখনৰ শীৰ্ষ স্থান লাভৰ ধাৰাবাহিকতা অক্ষুন্ন ৰখাৰ লগতে সমগ্ৰ নগাঁও জিলালৈ সুনাম কঢ়িয়াই আনে।জিলাখনৰ কামপুৰ নগৰ নিৱাসী ক্ষুদ্ৰ ব্যৱসায়ী মঞ্জিল গোঁহাই আৰু পমী গোঁহাই ৰাজখোৱাৰ কন্যা শ্ৰদ্ধা বৰগোঁহাইয়ে কয়-"বিচৰা ধৰণৰেই ফলাফল লাভ কৰিবলৈ সক্ষম হৈছোঁঁ।মোৰ খুবেই ভাল লাগিছে। ভাষাৰে বুজাব নোৱাৰা সুখ অনুভৱ কৰিছোঁঁ। আজি মোৰ কষ্টখিনি সাৰ্থক হোৱা যেন লাগিছে।" নিজৰ সফলতাৰ বাবে শিক্ষক-শিক্ষয়িত্ৰী,পিতৃ-মাতৃ,বিশেষকৈ শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ দিলীপ বৰাৰ সহায়-সহয়োগিতা,অনুপ্ৰেৰণাৰ কথা সদৰি কৰি শ্ৰদ্ধাই আৰু কয়,"মোৰ পিতৃ-মাতৃ,শিক্ষক শিক্ষয়িত্ৰী,বিশেষকৈ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰা চাৰৰ অনুপ্ৰেৰণাৰ বাবেই এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছোঁঁ।সকলোৰে সহায়ৰ প্ৰতিদান দিবলৈ পাই মই অতিশয় আনন্দিত।মই কেতিয়াও স্থান লাভৰ লক্ষ্যৰে পঢ়া নাছিলো।মই জ্ঞান অৰ্জনৰ বাবেহে অধ্যয়ন কৰিছো।" সদায় নিয়মীয়াকৈ অধ্যয়ন কৰিলে সফলতা নিজে নিজেই আহিব বুলি মন্তব্য কৰি শ্ৰদ্ধাই কয়,"মই সময়ৰ অপব্যৱহাৰ কৰা নাছিলো।সদায় নিয়মীয়াকৈ অধ্যয়ন কৰিছিলো।মোৰ কোনো টিউচন নাছিল।"

সৰুৰে পৰাই সংগীত চৰ্চা অব্যাহত ৰখা শ্ৰদ্ধাই এগৰাকী কন্ঠশিল্পী হিচাপেও নিজৰ দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হৈছে।তেওঁ কয়,"সংগীত মই ভাল পাঁও,সৰুৰে পৰাই এক সংগীতময় পৰিৱেশত ডাঙৰ-দীঘল হোৱাৰ বাবেই সংগীতৰ সৈতে জড়িত হৈ পৰিছিলো।মোৰ প্ৰিয় শিল্পী লতা মংগেশকাৰ।মই সংগীতৰ ৰিয়েলিটী শ্ব' ছাৰেগামা আৰু ভয়ছ ইণ্ডিয়া কিডচকে প্ৰমুখ্য কৰি কেইবাটাও ৰিয়েলিটী শ্ব'ত অংশগ্ৰহণ কৰিছিলো।মই পঢ়াৰ সামন্তৰালকৈ সংগীতৰ চৰ্চাও অব্যাহত ৰাখিম। মই যেতিয়ালৈকে জীয়াই থাকিম,তেতিয়ালৈকে সংগীত চৰ্চা অব্যাহত ৰাখিম।" ৰীতা চৌধুৰী আৰু অনুৰাধা শৰ্মা পূজাৰীৰ কিতাপ পঢ়ি ভাল পোৱা শ্ৰদ্ধা বৰগোঁহাইয়ে আজৰি সময়ত ছবিও আঁকিছিল।ভৱিষ্যতে এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ সপোন পুহি ৰখা শ্ৰদ্ধাই সদ্যহতে যোৰহাট জেবি কলেজত নামভৰ্তি কৰি অধ্যয়়ন কৰিব বুলিও কয়। অতিমাৰী ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ সন্দৰ্ভতো মেধাৱী ছাত্ৰীগৰাকী সজাগ আৰু সচেতন।তেওঁ কয়,"ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে স্বাস্থ্য বিভাগৰ যি নীতি-নিৰ্দেশনা আছে,তাক দায়িত্ব সহকাৰে সকলো লোকে মানি চলা উচিত।তেতিয়াহে আমি ক'ৰ'নাক  পৰাস্ত কৰিবলৈ সক্ষম হ'ম।"স্মৰ্তব্য যে মেট্ৰিকত ৯১শতাংশ নম্বৰসহ ডিষ্টিংচনসহ উত্তীৰ্ণ ছাত্ৰীগৰাকীয়ে এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৯৬.২ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।এইবাৰ তেওঁ ইংৰাজীত ৯৩,অসমীয়াত ৯৭,দৰ্শন আৰু তৰ্কশাস্ত্ৰত ৯৭, অৰ্থনীতি বিজ্ঞানত ৯৭,সমাজতত্ত্বত ৯৭ নম্বৰসহ মুঠ ৪৮১ নম্বৰ লাভ কৰিছে।


 

Your Comments