কোভিড-১৯ৰ গণ সংক্ৰমণৰ আশংকাত আতংকিত নলবাৰীৰ বৰনৰ্দী-মালিকুছি:পজিটিভ ৰোগীয়ে খেলিছিল তাছ 

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:                    

কোভিড-১৯ৰ আতংক অব্যাহত থকাৰ মাজতে বুধবাৰে নলবাৰী জিলাৰ বৰনৰ্দীত ঘৰতে থকা অৱস্থাত এজন লোকৰ কোভিড পজিটিভ ওলোৱাত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে।যোৱা ২১ জুনৰ দিনা গুৱাহাটীৰ পৰা বৰনৰ্দীৰ ঘৰলৈ অহা এই যুৱকজন হৈছে শংকৰ ভট্ট।বৰনৰ্দী গণেশ দেৱালয়ৰ সমীপৰ যুৱকজনে গুৱাহাটীৰ এটা কোম্পানীত  কাম কৰিছিল।চৰ্দি আৰু জ্বৰত ভুগি থকা যুৱকজনে ছোৱাব পৰীক্ষাৰ বাবে নমুনা প্ৰেৰণ কৰি স্থানীয় অঞ্চলটোত ঘূৰি ফুৰিছিল। আনকি,লগৰীয়াৰ লগত তাছপাতৰ খেলাও খেলিছিল।জানিব পৰা মতে যাৰ ঘৰত তাছ খেলিছিল,তেওঁলোকৰ পিছদিনা আছিল সত্য নাৰায়ণ পূজা।তাত অৰ্ধশতাধিক লোক সমবেত হৈছিল।আনহাতে,উক্ত অঞ্চলৰ লোকৰ বজাৰথলী হৈছে বৰনৰ্দী চ'ক।সেয়ে কোভিড গণ-সংক্ৰমণৰ আশংকাত আতংকিত হৈ পৰিছে বৰনৰ্দীৰ ৰাইজ।ইতিমধ্যে যুৱকজনক চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। অঞ্চলটোত লোকজনৰ সংস্পৰ্শলৈ অহা সকলো লোকৰ নমুনা পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিবলৈ সচেতন মহলে দাবী উত্থাপন কৰিছে।অনুৰূপ ধৰণেৰে নলবাৰী চহৰৰ মালিকুছিত বুধবাৰে আন এগৰাকী লোকৰ কোভিড পজিটিভ ওলোৱাত অনুৰূপ আতংকৰ পৰিবেশ সৃষ্টি হৈছে।গুৱাহাটীৰ  লখৰাস্থিত এছবিআই শাখাৰ কৰ্মচাৰী যুৱকজন হৈছে ৰাতুল আলি (৩১)।যুৱকজনে যোৱা ২২ জুনত অসুস্থ অৱস্থাত নলবাৰী চহৰৰ দুই নম্বৰ ৱাৰ্ডৰ মালিকুছিৰ ঘৰলৈ আহিছিল।যুৱকজনে  কোভিড পৰীক্ষাৰ বাবে নমুনা গুৱাহাটীতে দি থৈ আহিছিল।বুধবাৰে তেওঁৰ কোভিড পজিটিভ ওলাইছে।ইতিমধ্যে তেওঁকো শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ কোৱাৰেন্টাইন কোষত ভৰ্তি কৰি পৰিয়ালৰ আটাইৰে কোভিত পৰীক্ষাৰ বাবে নমুনা সংগ্রহ কৰি ঘৰৰ আটাইকে হোম কোৱাৰেন্টাইন কৰাৰ ব্যৱস্থা কৰিছে।এতিয়া অঞ্চল দুটাৰ ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে।

 

Your Comments