দ্বিজেন ডেকা,ঘগ্ৰাপাৰঃ
নলবাৰী জিলাত ২০১৯ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫শতাংশ বা তাতকৈ অধিক নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ মাজত বুধবাৰে ঘগ্ৰাপাৰ হাইস্কুলত আনন্দৰাম বৰুৱা বঁটাৰ অধীনত লেপটপ প্ৰদান কাৰ্যসূচীৰ আৰম্ভ কৰা হয়।ঘগ্ৰাপাৰ হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক নাথুৰাম তালুকদাৰে আঁত ধৰা অনুষ্ঠানটোত ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নন্দিতা হাজৰিকা উপস্থিত থাকি এই লেপটপ প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰে।লেপটপ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠানত ঘগ্ৰাপাৰ হাইস্কুলৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি জগত তালুকদাৰ আৰু উপ -সভাপতি ৰাতুল চন্দ্ৰ ডেকা উপস্থিত থাকে।বুধবাৰে ঘগ্ৰাপাৰ হাইস্কুল কেন্দ্ৰৰ ২৮গৰাকী, বি আৰ মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰিদতৰা কেন্দ্ৰৰ ৭,বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰৰ ৩৯গৰাকী,পিবি আলিয়া হাইস্কুল কেন্দ্ৰৰ ৪গৰাকী,পিবি ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয় বৰখলা কেন্দ্ৰৰ ২১গৰাকী,পশ্চিম বনভাগ উচ্চতৰ মাধ্যমিক বিদ্যালয় খাতিকুছি কেন্দ্ৰৰ ৬গৰাকী, ৰাজকদমতল সন্ধা হাইস্কুল কেন্দ্ৰৰ ৯গৰাকী ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটাৰ অধীনত একোটিকৈ লেপটপ প্ৰদান কৰে।
- Log in to post comments
- 30 views