নলবাৰীত আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠান

Nalbari DC

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

মঙলবাৰে নলবাৰী জিলাত ২০১৯ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫শতাংশ বা তাতকৈ অধিক নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ মাজত আনন্দৰাম বৰুৱা বঁটাৰ অধীনত লেপটপ প্ৰদান কাৰ্যসূচীৰ আৰম্ভ কৰা হৈছে মুকালমুৱাস্থিত ৰঘুনাথ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত।নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে বিদ্যালয়খনত উপস্থিত হৈ এই লেপটপ প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে আৰু ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰে । উপায়ুক্তগৰাকীয়ে কৃতি ছাত্ৰ-ছাত্ৰীসকলক চিকিৎসাক,অভিযন্তা অথবা বিষয়াই হওক নিস্বাৰ্থ সেৱা আগবঢ়াবলৈ মানসিকতা গঢ়ি তুলিবলৈ আহ্বান জনায়। তেতিয়াহে ৰাজ্যখনৰ বা দেশখনৰ উন্নতি সম্ভৱ হ'ব বুলিও উপায়ুক্তগৰাকীয়ে সদৰি কৰে।ইয়াৰ মাজতে উপায়ুক্তগৰাকীয়ে কৃতি শিক্ষাৰ্থীৰ লগত মত বিনিময় কৰি তেওঁলোকৰ প্ৰখৰ বুদ্ধিমত্তাৰ পৰিচয় পোৱা বুলি প্ৰকাশ কৰে । ভৱিষ্যত জীৱনত আগবাঢ়ি যোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক উপায়ুক্ত  চৌধুৰীয়ে শুভেচ্ছা জনায় ।
        আজি আৰিকুছি মিলন হাইস্কুলতো আনন্দৰাম বৰুৱা বঁটা প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰা হয় । বিদ্যালয়খনত উপস্থিত থাকে নলবাৰী জিলা চক্ৰৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জ্যোৎস্না ৰাণী বৰ্মন । 
       উল্লেখ‍্য‍  যে নলবাৰী জিলাৰ ৭৮২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আনন্দৰাম বৰুৱা বঁটা লাভ কৰিবলৈ যোগ্যতা অৰ্জন কৰে । সেইমৰ্মে আৰিকুছি মিলন হাইস্কুল পৰীক্ষা কেন্দ্ৰৰ ২০ গৰাকী , গংগাপুখুৰী বৰকুৰিহা হাইস্কুল  পৰীক্ষা কেন্দ্ৰৰ ২৮ গৰাকী, গোপালথান পলিটেকনিক পৰীক্ষা কেন্দ্ৰৰ ২০ গৰাকী, কৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰৰ ৭গৰাকী, পত্ৰাপুখুৰীপাৰ হাইস্কুল কেন্দ্ৰৰ এগৰাকী, ৰঘুনাথ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰৰ ৩৪গৰাকী, ডি পি বি মিলন হাইস্কুল কেন্দ্ৰৰ ৩গৰাকী, জাগাৰা হাইস্কুল কেন্দ্ৰৰ ১৮ গৰাকী,জনতা হাইস্কুল কেন্দ্ৰৰ ১৭গৰাকী,পূব বৰক্ষেত্ৰী হাইস্কুল কেন্দ্ৰৰ ২২গৰাকী, মধ্য কামৰূপ মিলন হাইস্কুল কেন্দ্ৰৰ ( ভাংনামাৰী )১০গৰাকী,ঘগ্ৰাপাৰ হাইস্কুল কেন্দ্ৰৰ ২৮গৰাকী, বি আৰ মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয়,বৰিদতৰা কেন্দ্ৰৰ ৭,বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰৰ ৩৯গৰাকী, পূৱ বৰক্ষেত্ৰী আলিয়া হাইস্কুল কেন্দ্ৰৰ ৪গৰাকী, পি বি ধীৰুদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয় বৰখলা কেন্দ্ৰৰ ২১গৰাকী ,পশ্চিম বনভাগ উচ্চতৰ মাধ্যমিক বিদ্যালয় খাতিকুছি কেন্দ্ৰৰ ৬গৰাকী, ৰাজকদমতল সন্ধা হাইস্কুল কেন্দ্ৰৰ ৯গৰাকী, চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰৰ ৫৮গৰাকী, বগুৰিহাটী হাইস্কুল কেন্দ্ৰৰ ১১গৰাকী,বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰৰ ১৭গৰাকী,বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰৰ ১১গৰাকী , ককয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষাকেন্দ্ৰৰ ২৩গৰাকী, শোলমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ ১৩গৰাকী, টিহু হাইস্কুল কেন্দ্ৰৰ ৭০গৰাকী,বৰঝাৰ হাইস্কুল ,বৰমা কেন্দ্ৰৰ ৩গৰাকী, গোৱৰাদল মিলন হাইস্কুল কেন্দ্ৰৰ ৬গৰাকী , কৈঠালকুছি হাইস্কুল কেন্দ্ৰৰ ৮গৰাকী, মাখিবাহা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ ২৭গৰাকী, মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যাপীঠ পৰীক্ষা কেন্দ্ৰৰ পৰা  ১১০গৰাকী , বালিতাৰা হাইস্কুল পৰীক্ষা কেন্দ্ৰৰ পৰা ৬ গৰাকী, বনভাগ খাতা দিহজাৰি হাইস্কুল পৰীক্ষা কেন্দ্ৰৰ ১৩ গৰাকী , ধমধমা হাইস্কুল কেন্দ্ৰৰ পৰা ৩৬ গৰাকী, গৰ্ডন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ পৰা ৪৫গৰাকী, মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয় , বানেকুছি পৰীক্ষা কেন্দ্ৰৰ পৰা ১৬ গৰাকী আৰু মিলন হাইস্কুল , পানীগাঁও পৰীক্ষা কেন্দ্ৰৰ পৰা ১৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আনন্দৰাম বৰুৱা বঁটাৰ অধীনত একোটিকৈ লেপটপ পাব বুলি বিদ্যালয়সমূহৰ পৰিদৰ্শকে জানিবলৈ দিছে।

Your Comments