ঋতু পৰ্ণ শৰ্মা,নগাঁও:
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শাৰীৰিক শিক্ষা আৰু ক্ৰীড়া অধ্যয়ন কেন্দ্ৰ তথা ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ বিশ্ববিদ্যালয় গোটৰ উদ্যোগত যোৱা ২১জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়।গুগল মীটৰ মাধ্যমেৰে অনলাইন পদ্ধতিত আয়োজিত যোগ দিৱসৰ অনুষ্ঠান পুৱা মুকলি কৰে বিশ্ববিদ্যালয়ৰ ছাত্ৰ পৰিক্ৰমা গুৰু তথা বুৰঞ্জী বিভাগৰ অধ্যাপক ড° নিৰোদ বৰুৱাই।"ঘৰৰ পৰাই যোগ কৰা আৰু নিজকে সুস্থ-সৱল কৰি ৰাখি জীৱন অতিবাহিত কৰা"--এই উক্তিৰ আধাৰত অনুষ্ঠিত যোগ দিৱসত শাৰীৰিক শিক্ষাৰ স্নাতকোত্তৰ,যোগ আৰু নেচাৰপেথিৰ স্নাতকোত্তৰ,আন্তঃৰাষ্ট্ৰীয় যোগৰ ৰূপৰ পদক বিজয়ী,যোগৰ তৃতীয় শ্ৰেণীৰ পৰিচালক,গুৱাহাটীৰ আৰোগ্য আৰু আৰোগ্য অসম কেন্দ্ৰৰ স্বত্বাধিকাৰ তথা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ বিকাশ বৰুৱাই সমল ব্যক্তিৰূপে উপস্থিত থাকি থাইৰয়ড,ডায়েবেটিক মেলিটাছ-২,হাইপাৰটেনশ্যন আৰু মেণ্টেল ব্লীছৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত যৌগিক ব্যায়াম সন্দৰ্ভত বিস্তৃত পৰামৰ্শ আগবঢ়ায়।বিশ্ববিদ্যালয়ৰ অধ্যাপক সত্য চাংমায়ে যোগৰ পৰিচিতি আৰু মেডিটেশ্যন সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰে।পুৱা ৭-৩০ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ পৰিক্ৰমা গুৰু তথা পৰিসংখ্যা বিভাগৰ মুৰব্বী অধ্যাপক ড° জিতেন হাজৰিকা,শিক্ষা বিভাগৰ অধ্যাপক মুকুট হাজৰিকাৰ লগতে উত্তৰ-পূব ভাৰত যোগাসন সন্থাৰ উপ-সভাপতি শশীন্দ্ৰলাল ভূঞাও উপস্থিত থাকে।বিশ্ববিদ্যালয়ৰ শাৰীৰিক শিক্ষা আৰু ক্ৰীড়া অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক তথা এনচিচি বিষয়া ড° মণ্টু বড়োৱে আদৰণী ভাষণ আগবঢ়োৱাৰ লগতে যোগ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে ।
- Log in to post comments
- 34 views