গণ সংক্ৰমণৰ আশংকাত ৪৮  ঘন্টাৰ বাবে গোলাঘাট নাৰ্চিংহোম ছীল:পুনৰ ৬ জন ক'ৰ'না আক্ৰান্ত

গোলাঘাটৰ প্ৰতিবেদক:

গোলাঘাটত ভয়ংকৰভাৱে  দিনক-দিনে বৃদ্ধি পাবলৈ ধৰিছে ক'ৰ'না সংক্ৰমণৰ ঘটনা।প্ৰধানকৈ গোলাঘাটত গণ সংক্ৰমণৰ অভিকেন্দ্ৰ গোলাঘাট নাৰ্চিংহোমত  ৰোগীৰ খবৰ কৰিবলৈ অহা ৬ গৰাকীকৈ লোক ক'ভিড-১৯ পজিটিভ ধৰা পৰে।জানিব পৰা মতে,পজিটিভ ৬ গৰাকী লোকে নাৰ্চিং হোমখনত ভৰ্ত্তি হৈ থকা ৰোগীৰ খবৰ লবলৈ আহিছিল।উল্লেখযোগ্য যে কোৱাৰেন্টাইনত থাকি শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ক'ভিড টেষ্টৰ বাবে স্বোৱাব গ্ৰহণ কৰা এমএমইউ  তথা এনএইচএমৰ লেব টেকনিচিয়ান দুজনে গোপনে গোলাঘাট নাৰ্চিংহোমৰ লেবৰেটৰীত কাম কৰি আহিছিল।১৩ জুনলৈকে ব্যক্তিগত নাৰ্চিং হোমখনত গোপনে কাম কৰাৰ পিছত ১৪ জুনত দুই লেব টেকনিচিয়ানৰ ক'ভিড পজিটিভ ধৰা পৰে।লেব টেকনিচিয়ান দুজন পজিটিভ ধৰা পৰাৰ পিছতে ব্যক্তিগত নাৰ্চিংহোমখনৰ চিকিৎসা কৰ্মী, সুৰক্ষা কৰ্মী, চিকিৎসক,ৰোগী আৰু ৰোগীৰ আত্মীয়- সকলোৰে স্বোৱাব পৰীক্ষণ কৰিছিল স্বাস্থ্য বিভাগে।ইয়াৰ লগতে নাৰ্চিংহোমলৈ ৰোগী চাবলৈ অহা আৰু সংস্পৰ্শলৈ অহা লোকক  কৰা হৈছিল হোম কোৱাৰেইনটাইন।ছোৱাব  সংগ্ৰহ কৰা ৫ গৰাকী লোকৰ পজিটিভ অহাৰ পিছত হোম কোৱাৰেইনটাইন হৈ থকা পুনৰ ৬ গৰাকী লোকৰ দেহত ক'ভিড -১৯ ধৰা পৰে । বৰ্তমান এই পৰ্যন্ত গোলাঘাট নাৰ্চিংহোমৰ পৰা ১৩ গৰাকীকৈ লোকৰ দেহত এই কভিড-১৯ সংক্ৰমণ বিয়পি পৰিছে।যদিও সোমবাৰে।উক্ত নাৰ্চিংহোমখনৰ পৰা ৰেষ্ট্ৰিকট্ৰেড জ'ন উঠাই দিয়াৰ কথা আছিল,তথাপি বৰ্তমান অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট প্ৰশাসনে নাৰ্চিংহোমৰ ৰেষ্ট্ৰিকট্ৰেড জ'ন উঠাই লোৱাৰ  পৰিৱৰ্তে নাৰ্চিংহোমখনত থকা সকলো কৰ্মচাৰীক হোম কোৱাৰেইনটাইনলৈ প্ৰেৰণ কৰি ৪৮ ঘন্টাৰ বাবে নাৰ্চিংহোমখন  ছীল কৰি দিয়ে।আনহাতে,ঘোষণা অনুসৰি গোলাঘাট কুমাৰপট্টি শিৱ মন্দিৰৰ সমীপৰ ১০০ মিটাৰ ৰেষ্ট্ৰিকট্ৰেড জ'ন সোমবাৰে সম্পূৰ্ণৰূপে  উঠাই দিয়ে।

Your Comments