হাজোৰ পৰা কমলাকান্ত দাস:
কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত বামুন্দীত এজন যুৱকৰ দেহত ক'ৰ'না পজিটিভ ধৰা পৰাত অঞ্চলটোৰ ৰাইজ শংকিত হৈ পৰিছে।জানিব পৰা মতে,বামুন্দীৰ কংকন কলিতা নামৰ যুৱকজনে গুৱাহাটী আঠগাঁঁৱৰ এটা ঔষধৰ কোম্পানীত কাম কৰিছিল।সেই সময়ত তেওঁঁৰ লগত থকা কুকুৰমাৰাৰ প্ৰশান্ত মেধি নামৰ যুৱকজনৰ যোৱা দহ জুনত ক'ৰ'না পজিটিভ ওলোৱাত যোৱা চৈধ্য জুনত কংকন কলিতা বামুন্দীৰ নিজা ঘৰলৈ আহে।ইয়াৰ পিছতে স্বাস্থ্য বিভাগ আৰু প্ৰশাসনৰ লোকে তেওঁলোকৰ পৰিয়ালটোক হ'ম কোৱাৰেণ্টাইন কৰে।জানিব পৰা মতে,কংকন কলিতায়ো ঘৰত সম্পূৰ্ণ পৃথকে আছিল।তেওঁ যোৱা ষোল্ল জুনত নিজে গৈ জিএমচিএইচত ছোৱাবৰ নমুনা দি আহিছিল।সোমবাৰে কংকন কলিতাৰ ছোৱাবৰ ফলাফলত ক'ৰ'না পজিটিভ ওলোৱাত বিয়লি চাৰি বজাত স্বাস্থ্য বিভাগৰ লোকে শিঙিমাৰীত থকা ক'ভিড হাস্পতালত ভৰ্তি কৰে।
- Log in to post comments
- 69 views