"গুৱাহাটীৰ পৰিৱেশ শুভ নহয়,ৱাৰ্ড ভিত্তিত লকডাউন দিব পাৰে জিলা প্ৰশাসনে"-মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

Dr.Himanta Biswa Sarma

"গুৱাহাটীৰ পৰিৱেশে শুভ ইংগিত দিয়া নাই। সামাজিক দূৰত্ব মানক অন্যথা বিপদ অনিবাৰ্য।৭-১০ দিনৰ ভিতৰত অৱনতি ঘটিব গুৱাহাটীৰ পৰিৱেশ"-এই গুৰুত্বপূৰ্ণ মন্তব্য স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ।ট্ৰেভেল হিষ্টৰী নথকা গুৱাহাটীত আক্রান্ত লোকৰ সংখ্যা ১৪৪জন।১১৪জনক আক্ৰান্তক পোৱা গৈছে ১৬জুনৰ পৰা আৰম্ভ কৰা ১২টা স্কেনিং চেণ্টাৰত।

বৰ্তমান সময়লৈকে গুৱাহাটীত প্ৰায় ৫ হাজাৰ নমুনা সংগ্ৰহ কৰা হৈছে ১২টা চেণ্টাৰত।ফলাফল ওলাইছে প্ৰায় ৩হাজাৰৰ।

আক্রান্ত প্ৰায়সংখ্যক ব্যক্তি ফাঁচীবজাৰৰ লগত জড়িত বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয়- "ফাঁচীবজাৰৰ ক'ৰ'না হটস্পটত পৰিণত হৈছে।"

"গুৱাহাটীৰ ৭টা ৱাৰ্ডৰ ফলাফল চিন্তাৰ কাৰণ।ৱাৰ্ড-২, ৩, ৪, ৫, ১০, ১৫ আৰু ১৬ত অধিক লোক আক্রান্ত হৈছে ক'ৰ'নাত"-মন্ত্ৰীগৰাকীয়ে লগতে কয়।

জালুকবাৰী থানাৰ অন্তৰ্গত ৩১টা,ফটাশিল  আমবাৰী থানাৰ  অন্তৰ্গত  ৬৯টা,ভৰলুমুখ থানাৰ অন্তৰ্গত ৫১টা আৰু পাণবজাৰ থানা অঞ্চলত ২৫টা আক্রান্ত  হোৱাৰ ঘটনা পোৱা বুলি তেওঁ জানিবলৈ দিয়ে।

ইফালে,জিলা প্ৰশাসনে গুৱাহাটীৰ পৰিৱেশ যদি অধিক অৱনতি হোৱা বুলি ধাৰণা কৰে, তেন্তে ৱাৰ্ড ভিত্তিত লকডাউন দিয়াৰ পৰামৰ্শ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ।

গণ সংক্ৰমণৰ ভয়ংকৰ পৰিৱেশৰ পৰা গুৱাহাটীৰ জনতাক সুৰক্ষিত কৰি ৰাখিবলৈ অহা ২৪জুনৰ পৰা গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডত এটাকৈ মুঠ ৩১টা স্কেনিং চেণ্টাৰ স্থাপন কৰিব স্বাস্থ্য বিভাগে।লগতে,গুৱাহাটী মেডিকেল কলেজ হাস্পতাল আৰু মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালক লগ লগাই ইয়াৰ সংখ্যা হ'ব ৩৩টা।এই কথা অৱগত কৰে মন্ত্ৰী ডঃ শৰ্মাই।ৰাইজক আহ্বান জনায় তেওঁ কয়- "গুৱাহাটীবাসী প্ৰতিজন নাগৰিকে চেণ্টাৰসমূহলৈ গৈ কৰিব পাৰিব পৰীক্ষা।"

"গুৱাহাটীৰ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি কোৱাৰেণ্টাইন চেণ্টাৰসমূহ কোভিড কেয়াৰ চেন্টাৰলৈ ৰূপান্তৰ কৰা হ'ব।কোনো লক্ষণ নথকা ক'ৰ'না আক্রান্তক ইয়াতে কৰা হ'ব চিকিৎসা"-মন্ত্ৰীগৰাকীয়ে লগতে কয়।

ইফালে,ৰাজ্যৰ অন্য জিলাসমূহত গণ সংক্ৰমন হোৱা নাই বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয়-"সকলো জিলাতে কেম্প স্থাপনৰ নির্দেশ দিয়া হ'ব জিলা প্ৰশাসনক।"

Your Comments