নলবাৰীত বিজেপিৰ উদ‍্যোগত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী:বিধায়ক অশোক শৰ্মাৰ অংশগ্ৰহণ

যোগ

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ভাৰতীয় জনতা পাৰ্টীৰ 'বড়িগোগ বনভাগ মণ্ডলৰ সমিতি' আৰু নলবাৰী জিলা বিজেপিৰ উদ্যোগত দলীয় নিৰ্দেশ অনুসৰি সামাজিক দুৰত্ব বজাই ৰাখি অতি কমসংখ্যক কাৰ্য্যকৰ্তা সমৱেত হৈ যোগ দিৱস পালন কৰে।ঘগ্ৰাপাৰ হৰিমন্দিৰত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাৰ নেতৃত্বত অনুষ্ঠিত যোগাভ্যাসৰ নিৰ্দেশনা দিয়ে 'আৰ্ট অব লিভিঙ'ৰ নলবাৰী জিলাৰ শাৰীৰিক প্ৰমুখ প্ৰাণজিৎ ৰাজবংশীয়ে।ইফালে,নলবাৰী বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰৰ তত্বাৱধানত বিজেপি কাৰ্যালয়ত সামাজিক দুৰত্ব বজাই ৰাখি অনুষ্ঠিত কৰা যোগ দিৱসৰ  কাৰ্যসূূূচী মুকলি কৰি বিধায়ক অশোক শৰ্মাই কয় যে যোগ এটা প্ৰাচীন আধ্যাত্মিক কলা,যি শাৰীৰিক-মানসিক উৎকৰ্ষ সাধন কৰাৰ লগতে আমাৰ মাজৰ ভাতৃত্ববোধক সুদৃঢ় কৰে।দৈনিক ব্যস্ততাপূৰ্ণ জীৱনশৈলীৰ মাজত যোগাসনে আমাক সুস্থ-সবল আৰু হতাশামুক্ত কৰি ৰাখে।নিয়মীয়াকৈ যোগ অনুশীলন কৰি এখন শক্তিশালী সমাজ গঢ় দিয়াৰ বাবে বদ্ধপৰিকৰ হ'বলৈ বিধায়কগৰাকীয়ে আহ্বান জনায়। ইফালে,ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ কাৰ্যলয়তো সভাপতি ৰাতুল শৰ্মাৰ তত্বাৱধানত যোগ দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

Your Comments