নগাঁৱৰ ম'হমৰীয়াত বিষ্ণু ৰাভা দিৱস পালন:গীতেৰে-সুৰেৰে মহাসংস্কৃতিৰ মহানায়কক স্মৰণ

Bishnu Rabha Diwas

ঋতু পৰ্ণ শৰ্মা,নগাঁও:

সময় এতিয়া দুঃসময়।তথাপিও সাৰে আছোঁ আমি।সাৰে আছে প্ৰীতি আৰু সাৰে আছে সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ সৃষ্টি।সেইবাবেই হয়তো ক'ৰ'নাই ক্ষত-বিক্ষত কৰাৰ এই সময়তো প্ৰান্তে প্ৰান্তে উদযাপন কৰা হ'ল বিষ্ণু ৰাভা দিৱস।এইক্ষেত্ৰত পিছ পৰি নাথাকিল নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ম'হমৰীয়া অঞ্চলো।ঐতিহ্যমণ্ডিত কলং সুঁতিৰ পাৰৰ ম'হমৰীয়া নামৰ এই উৰ্বৰা ভূমিখণ্ডত ২০ জুনৰ সন্ধিয়া এদল সংস্কৃতিৰ অনুৰাগীয়ে গীতেৰে-সুৰেৰে স্মৰণ কৰিলে মহাসংস্কৃতিৰ মহান সৈনিক বিষ্ণুপ্ৰসাদ ৰাভাক।ম'হমৰীয়াৰ কণ্ঠশিল্পী দীপক দাসৰ বাসগৃহত কলাগুৰুৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ হোৱা এই অনুষ্ঠানত বাদ্যযন্ত্ৰৰ শিল্পী ক্ৰমে  মুকুল বৰা,দুল বৰা,পদুম বৰা আৰু ধন দাস উপস্থিত থাকে।সাংবাদিক জ্যোতি প্ৰসাদ বৰাৰ কথা-কবিতাৰে আৰম্ভ হোৱা এই অনুষ্ঠানটোত বিষ্ণু ৰাভাৰ কালজয়ী গীতসমূহৰ বিশেষভাৱে চৰ্চা কৰি অহা দীপক দাসে সংস্কৃতিৰ পূজাৰীগৰাকীৰ কেইবাটাও কালজয়ী গীত পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে।সামাজিক দূৰত্ব বৰ্তাই ৰাখি অনুষ্ঠিত কৰা বিষ্ণু প্ৰসাদ ৰাভাৰ ৫১ সংখ্যক স্মৃতি দিৱসৰ এই বিশেষ অনুষ্ঠানটোত ফটো সাংবাদিক আদিল শ্বাহো উপস্থিত থাকে।

Your Comments