গুৱাহাটীত দৃশ্যমান বছৰৰ প্ৰথমটো বলয়গ্ৰাস সূৰ্যগ্ৰহণ।দিনৰ ১০.৫৭ বজাৰ লগে লগে গুৱাহাটীৰ আকাশত দৃশ্যমান হ'ল সূৰ্যগ্ৰহণ।গুৱাহাটী তাৰকাগৃহত টেলিস্কোপ ব্যৱস্থাৰে পৰ্যবেক্ষণ কৰা হয় সূূৰ্যগ্ৰহণ।সূৰ্যক চন্দ্ৰই ক্ৰমান্বয়ে গ্ৰাস কৰা পৰিলক্ষিত হয়।অৱশ্যে ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ বাবে সাধাৰণ ৰাইজৰ প্ৰৱেশ বন্ধ কৰি ৰখা হৈছে তাৰকাগৃহ।
ইফালে,তাৰকাগৃহৰ বিজ্ঞানীসকলৰ মতে দিনৰ ১২.৩০বজাত চন্দ্ৰ গ্ৰাস কৰে সূৰ্যই।
ৰাইজে যাতে কোনো কাৰণত খালি চকুৰে প্ৰত্যক্ষ নকৰে সূৰ্যগ্ৰহণ,এই আহ্বান তাৰকাগৃহ কৰ্তৃপক্ষৰ।
- Log in to post comments
- 34 views