মৃণাল ডেকা,শুৱালকুছি:
কামৰূপ জিলাৰ জালুকবাৰী সমষ্টিৰ বস্ত্ৰ নগৰী শুৱালকুছিত ১৯ জুনত কংগ্ৰেছৰ মধ্য শুৱালকুছি মণ্ডল কমিটীৰ উদ্যোগত কংগ্ৰেছ সাংসদ,নিখিল ভাৰত কংগ্ৰেছ দলৰ প্রাক্তন সভাপতি ৰাহুল গান্ধী জন্মদিন পালন কৰা হয়।ইয়াৰ আগেয়ে প্ৰথমে লাডাখ সীমান্তৰ গলাৱান উপত্যকাত চীনৰ সৈন্যৰ আক্ৰমণত প্ৰাণ আহুতি দিয়া ভাৰতীয় সৈনিকসকলৰ স্মৃতিত এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয়।সভাত ২০২১ চনত কংগ্ৰেছ চৰকাৰ হোৱাৰ উদ্যমৰে কাম কৰাৰ বাবে সকলো কংগ্ৰেছ কৰ্মীৰ হৈ অংগীকাৰনামা পাঠ কৰে বিশিষ্ট সমাজসেৱক,শিক্ষক কুলধৰ চৌধুৰীয়ে।ইয়াৰ পিছতে সমবেত ৰাইজ আৰু ব্যৱসায়ীসকলৰ মাজত ক'ৰ'না মহামাৰীৰ সাৱধানতা অৱলম্বন কৰাৰ বাবে মাস্ক বিতৰণ কৰা হয়।অনুষ্ঠানত উপস্থিত থাকি অসম প্রদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ মৃদুল মালাকাৰে তেওঁঁৰ বক্তব্যত শুৱালকুছিৰ লোকসকল অতীজৰে পৰা আত্মনিৰ্ভৰ বুলি কয় আৰু প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিত শুৱালকুছিত হিতাধিকাৰী তালিকাৰ যোগেদি অ-খেতিয়কক কৃষক সন্মান নিধিত বাচনি কৰি শুৱালকুছিৰ লোকৰ আত্মসন্মান লাঘৱ কৰিছে বুলি মন্তব্য কৰে।শুৱালকুছিৰ বস্ত্ৰ শিল্পৰ বাবে অসম চৰকাৰে এতিয়ালৈকে কোনো সুব্যৱস্থা নকৰাত তেওঁ আক্ষেপ কৰে।প্ৰস্তাৱিত শিঙিমাৰী-শুৱালকুছি পথৰ নিৰ্মাণৰ কাম গড়কাপ্তানী মন্ত্ৰীয়ে নিজে পৰিদৰ্শন কৰি অতি শীঘ্ৰে তাৰ বিসংগতি দূৰ কৰাৰ বাবে তেওঁ আহ্বান জনায়।অনুষ্ঠানৰ লগত সংগতি ৰাখি শুৱালকুছিৰ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা উপাসনা বেজবৰুৱা, অনন্যা কলিতা,কৰণ কলিতাৰ বাসগৃহত গৈ মুখপাত্ৰ মৃদুল মালাকাৰে একোখন অভিধান, গামোচা আৰু মহান ব্যক্তিৰ ফ্ৰেমেৰে বন্ধা ফটোৰে সম্বৰ্ধনা জনায়।অনুষ্ঠানত উপস্থিত থাকে শুৱালকুছি ব্লক কংগ্ৰেছৰ সভাপতি হেমন্ত বৰ্মন,ধীৰাজ দাস,তৰা ভৰালীৰ লগতে ব্লক আৰু মণ্ডল পৰ্যায়ৰ কেইবাজনো ব্যক্তি।
- Log in to post comments
- 50 views