নাগৰিকৰ জীৱন-জীৱিকা আৰু গণতন্ত্ৰ ৰক্ষাৰ দাবীত অহা ২৭জুনত ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী সমন্বয় সমিতিৰ।শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদ মেল সম্বোধন কৰি এই কথা ঘোষণা কৰে সংগঠনটো মুখ্য সমন্বয়ক দেৱেন তামুলীয়ে।
অখিল গগৈসহ কাৰাবন্দী 'কা' আন্দোলনৰ নেতাসকলৰো মুক্তিৰ।দাবী জনায় সংগঠনটোৱে।
"কা' বিৰোধী আন্দোলনৰ বন্দীক মুকলি কৰি দিয়াৰ দাবীত সম্পূৰ্ণ সামাজিক দূৰত্ব মানি আন্দোলন কৰা লোকক কোৱাৰেণ্টাইন কৰা হৈছে।বিজেপি নেতা-মন্ত্ৰীসকলে মুকলিকৈ সংবাদমেল,জনসম্পৰ্ক কাৰ্যসূচী কৰি গৈছে।হিন্দুত্ববাদী সংগঠনসমূহে স্বাস্থ্য বিধি সকলো উলংঘা কৰিও সম্প্ৰদায়িক প্ৰচাৰেৰে ৰাজ্যজুৰি শতাধিক লোকক লৈ ধৰ্ণা দিব পাৰে।আমি নোৱাৰো,এয়া কেনে ধৰণৰ কথা।গতিকে ২৭ জুনত কোৱাৰেণ্টাইন কৰিলেও আমি ভয় নকৰো।চৰকাৰৰ মুখা খুলি দিয়া হ'ব"-তামুলীয়ে কয়।
"বিজেপি নেতা-মন্ত্ৰীৰ বিৰুদ্ধে সামান্য কিছু নেতিবাচক মত ব্যক্ত কৰাৰ বাবে আৰক্ষীয়ে নিজাকৈ গোচৰ তৰি তেনে অপৰাধীক গ্ৰেপ্তাৰ কৰিছে।কিন্তু ড: হীৰেন গোহাঁইৰ মৃত্যু হোৱা বুলি ফেচবুকত প্ৰচাৰ চলোৱা বিজেপি আইটি চেলৰ সদস্য দুৰ্লভ নাথৰ বিৰুদ্ধে ২জুনত দিছপুৰ থানা ১২৪০/২০ নম্বৰত গোচৰ ৰুজু কৰাৰ পিছতো আজিলৈকে গ্ৰেপ্তাৰ তথা সোধ-পোচ কৰাৰ বাবে অনা নহ'ল"-মুখ্য সমন্বয়কগৰাকীয়ে কয়।
সেনা আৰু আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা যোৰহাটৰ জয়ন্ত বৰাৰ মৃত্যুৰ তদন্তৰ দায়িত্ব অৱসৰপ্ৰাপ্ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বা কৰ্মৰত জিলা ন্যায়াধীশক অৰ্পণ কৰিব লাগে বুলি দাবী কৰি অধিবক্তা শান্তনু বৰঠাকুৰে কয় -"৮০-৯০ দশকৰ মুক্ত হত্যা আৰু গুপ্তহত্যা পুনৰ দেখা পাইছোঁ।ঘটনা সংঘটিত হোৱা তিনি-চাৰিদিন পাৰ হোৱাৰ পিছতো কোনো দোষীক চিনাক্ত কৰিব পৰা নাই।এগৰাকীৰ এডিচি পৰ্যায়ৰ বিষয়াৰ দ্বাৰা ঘটনাৰ তদন্ত কৰাটো উচিত হ'ব নোৱাৰে।"
"ক'ৰ'না বিৰোধী সকলো গাইড লাইন ভংগ কৰি বিজেপিয়ে জনসম্পৰ্ক অভিযান আৰম্ভ কৰিছে"-বৰঠাকুৰে কয়।
"আৰক্ষীয়ে নিজৰ নিৰপেক্ষতা হেৰুৱাইছে।চৰকাৰী পক্ষৰ বিৰুদ্ধে দিয়া গোচৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰে"-বৰঠাকুৰে লগতে কয়।
ইফালে স্বাস্থ্যজনিত কাৰণত সংবাদ মেলত উপস্থিত থাকিবলৈ নোৱাৰি সমিতিৰ সভাপতি ড: হীৰেন গোহাঁইয়ে নিজৰ ভাষ্য ভিডিঅ'ৰ জড়িয়তে প্ৰেৰণ কৰে।
- Log in to post comments
- 11 views