ৰাজ্যজুৰি সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাক স্মৰণ

Bishnu Rabhha

ক'ৰ'না ভাইৰাছৰ আতংকৰ মাজতে আজি ৰাজ্যজুৰি অসমীয়া জাতিয়ে স্মৰণ কৰিছে সৈনিক শিল্পী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক।অসমীয়া সাহিত্য-সংস্কৃতি,জাতীয় জীৱনলৈ সৈন্যক শিল্পীগৰাকীৰ অৱদানক সোঁৱৰণ কৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে    বিষ্ণু ৰাভা দিৱস।ক'ৰ'না ভাইৰাছৰ বাবে বিগত বছৰসমূহৰ দৰে বহল ভিত্তিত আজিৰ দিনটোৰ আয়োজন কৰা হোৱা নাই যদিও সচেতন অসমীয়াই বিভিন্ন মাধ্যমৰ জৰিয়তে ৰাভাৰ সৃষ্টিৰাজিক স্মৰণ কৰা দেখিবলৈ পোৱা গৈছে।

 

১৯০৯ চনৰ ৩১ জানুৱাৰীত ঢাকাত জন্ম গ্ৰহণ কৰা কলাগুৰুৰ ৰাভাৰ মৃত্যু হৈছিল ১৯৬৯ চনৰ ২০জুনত,আজিৰ দিনটোতে তেজপুৰত।

বিপ্লৱী সৈনিক শিল্পীগৰাকীক স্মৰণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্ৰদ্ধা জনাই কয়- "ৰাভাদেৱৰ অতুলনীয় সৃষ্টিৰাজি আৰু কর্মৰ আভাই অসমীয়া জাতিক সদায়েই আলোকিত কৰি ৰাখিব।"

Your Comments