নৰেন শৰ্মা,বাহাৰঘাট:
সদ্য ফলাফল ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নলবাৰী জিলাৰ পৰা শীৰ্ষ স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এটা ব্যতিক্ৰমী অনুষ্ঠান বৃৃহস্পতিবাৰে বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুুুষ্ঠিত কৰা হয়।নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ নিৰ্দেশনা মৰ্মে নলবাৰী জিলা চক্ৰৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জ্যোৎস্না ৰাণী বৰ্মনে আয়োজন কৰা 'আমাৰ দায়িত্ব,আমাৰ ভৱিষ্যত' শীৰ্ষক অন্তৰংগ আলাপ আনুষ্ঠানটোত উপায়ুক্ত দেৱ চৌধুৰী উপস্থিত থাকি স্থান প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়ি-শুনি জ্ঞান অৰ্জন কৰা বা আত্মনিৰ্ভৰশীল হোৱাৰ লগতে সমাজৰ প্ৰতি,দেশৰ প্ৰতিও দায়িত্ব আছে বুলি উল্লেখ কৰে।সমাজৰ বাবে,দেশৰ বাবে কৃতী ছাত্ৰ-ছাত্ৰীসকলে কাম কৰিব লাগিব,দেশৰ ভৱিষ্যত উন্নয়নত অৰিহণা যোগাব লাগিব।গতিকে সুনাগৰিক হিচাপে নিজকে গঢ়ি তোলাটোও তেওঁলোকৰ দায়িত্ব । ভাল মানুহ হ'লেহে ভৱিষ্যতে দেশৰ উন্নতি হ'ব বুলি তেওঁ ছাত্র-ছাত্ৰীসকলক পৰামৰ্শ আগবঢ়ায়।অন্তৰংগ অনুষ্ঠানটোত বিদ্যালয়সমূহৰ পৰিদৰ্শক জ্যোৎস্না ৰাণী বৰ্মন,জিলা প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকা,স্থান প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীৰ লগতে তেওঁলোকৰ অভিভাৱক আৰু বিদ্যালয় প্ৰধানসকল আৰু বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল,বিদ্যালয়খনৰ শিক্ষকসকল উপস্থিত থাকে।বিভিন্নজন ছাত্র-ছাত্ৰীসকলক পৰামৰ্শ আগবঢ়ায়।
- Log in to post comments
- 15 views