কলিয়াবৰত ২০ গৰাকী শ্বহীদ ভাৰতীয় সৈনিকলৈ শ্ৰদ্ধাঞ্জলি

Kaliabar

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ:

ভাৰত-চীন সীমান্তত ভাৰতীয় সেনাৰ কৰ্ণেল পৰ্যায়ৰ বিষয়াসহ শ্বহীদ হোৱা ২০গৰাকী সৈনিকলৈ বুধবাৰে শ্ৰদ্ধাঞ্জলি জনায় কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে।কলিয়াবৰৰ কুঁৱৰীটোল বকুলতলত কলিয়াবৰ আৰু পশ্চিম কলিয়াবৰ ব্লক কংগ্ৰেছ,যুৱ কংগ্ৰেছ,মহিলা কংগ্ৰেছ,এনএছইউআইকে ধৰি ভাতৃ সংগঠনৰ বিষয়ববীয়া আৰু সদস্যসকলে আয়োজন কৰা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সাংসদ গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন বীৰ শ্বহীদসকলৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে।

Your Comments