"তিনিচুকীয়াৰ বাঘজানৰ ঘটনাক লৈ মৰ্মাহত হৈছোঁ।ভয়ংকৰ ঘটনাটোত চাহ শ্ৰমিকৰ পৰা আৰম্ভ কৰি বিভিন্ন জনগোষ্ঠীৰ মানুহ ক্ষতিগ্ৰস্ত হৈছে।ক্ষতিগ্ৰস্তসকলৰ বাবে আজমল ফাউণ্ডেচনৰ পৰা ১০লাখ টকা পেকেজ ঠিক কৰিছোঁ"-এই গুৰুত্বপূৰ্ণ ঘোষণা সাংসদ বদৰুদ্দিন আজমলৰ।
ইতিমধ্যে,ঘটনাস্থলীত আজমল ফাউণ্ডেছনৰ প্ৰতিনিধি উপস্থিত থকা বুলি উল্লেখ কৰি তেওঁ কয়-"কংগ্ৰেছৰ স্থানীয় বিধায়কগৰাকীয়ে সহায় কৰিছে।বুধবাৰে ১২বজাত অঞ্চলবাসীৰ মাজত ৰিলিফ বিতৰণ কৰা হ'ব।"
চাদৰ-মেখেলা-শাৰী তিনিহাজাৰ,পুৰুষৰ বাবে ছশ পেন্ট-মুঠ ১০লাখ টকা ইয়াৰ বাবে ব্যয় কৰা হ'ব।
নিহত কৰ্মচাৰী দুজনৰ পৰিয়ালৰ দুখত আমি সমভাগী বুলি উল্লেখ কৰি সাংসদ আজমলে কয়-"ফাউণ্ডেচনৰ পৰা ৫০হাজাৰ টকাকৈ মৃত কৰ্মচাৰী দুগৰাকীৰ পৰিয়ালক প্ৰদান কৰা হ'ব।"
লগতে,চৰকাৰক আহ্বান জনাই সাংসদগৰাকীয়ে কয়-"ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক চৰকাৰে ১০লাখ টকাকৈ ক্ষতিপূৰণ দিব লাগে।"
- Log in to post comments
- 13 views