মঙলবাৰৰ পৰা গুৱাহাটীৰ ১২টা স্থানত মহানগৰবাসীয়ে কৰিব পাৰিব ক'ৰ'না পৰীক্ষা,স্থানকেইটা কি কি?

Corona test

গুৱাহাটীত কোনো ভ্ৰমণ বৃতান্ত নথকা লোকৰ  দেহত ক'ৰ'না ভাইৰাছ ধৰা পৰাৰ পিছতে উদ্বিগ্ন হৈছে স্বাস্থ্য বিভাগ।অহা ১৫ দিনত মহানগৰীত প্ৰায় ৫০হাজাৰ ক'ৰ'না পৰীক্ষা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে।

মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি গুৱাহাটীত ক'ৰ'না পৰীক্ষাৰ বাবে মঙলবাৰ(কাইলৈ)ৰ পৰা মুঠ ১২টা স্থানত সংগ্ৰহ কৰা হ'ব নমুনা।ইচ্ছা অনুসৰি সকলোৱে স্বাস্থ্য বিভাগে নিৰ্ধাৰণ কৰা নমুনা সংগ্ৰহ শিবিৰত আহি কৰিব পাৰিব পৰীক্ষা।

নমুনা সংগ্ৰহৰ বাবে স্বাস্থ্য বিভাগে নিৰ্ধাৰণ কৰিছে গুৱাহাটী মেডিকেল কলেজ হাস্পতাল, মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল,ধীৰেণপাৰা এফআৰ ইউ,পাণ্ডু এফআৰইউ, শউলুবাৰী নগৰীয়া চিকিৎসালয়,দিছপুৰ ডিছপেনচেৰী, বামুনীমৈদাম ৰাজ্যিক ডিছপেনছেৰী, খানাপাৰা ৰাজ্যিক ডিছপেনছেৰী,ভেটাপাৰা ৰাজ্যিক ডিছপেনছেৰী,লখৰা ৰাজ্যিক ডিছপেনছেৰী,শান্তিপুৰ ৰাজ্যিক ডিছপেনছেৰী আৰু উদালবাক্ৰা মিনি ৰাজহুৱা স্বাস্থ্য কেন্দ্ৰ।পুৱা ৯ বজাৰ পৰা মহানগৰবাসীয়ে এই স্থানসমূহত গৈ কৰাব পাৰিব পৰীক্ষা। 

গুৰুত্বপূৰ্ণ যে যদি মহানগৰীত শিবিৰসমূহত সংগ্ৰহ কৰা নমুনাত ক'ৰ'না ভাইৰাছ আক্রান্ত ধৰা পৰিলে গুৱাহাটীত পুনৰ হ'ব পাৰে লকডাউন।

Your Comments