নিউজ ডেস্ক :
ক'ৰনা ভাইৰাছ ৰোধৰ বাবে ঘোষণা হোৱা লকডাউনৰ ফলশ্ৰুতিত বিগত প্ৰায় তিনি মাহ ধৰি ৰাজ্যৰ শিল্পী-সাহিত্যিক, কলা-কুশলীসকলৰ উপাৰ্জন বন্ধ হৈ আছে।এই শিল্পী-সাহিত্যক তথা ক'লা-কুশলী সকলক আৰ্থিক সাহায্য প্ৰদান আৰু সু-পৰিকল্পিত সাংস্কৃতিক আঁচনি ৰূপায়নৰ জড়িয়তে নিয়োজিত কৰি ৰখাৰ দাবীত ভাৰতীয় গণনাট্য সংঘৰ অসম ৰাজ্যিক সমিতিয়ে আজি সমগ্ৰ ৰাজ্যজুৰি এক প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে।
ৰাজ্যৰ প্ৰতিখন জিলাৰ লগতে গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰতো সামাজিক দূৰত্ব মানি সংঘই সাব্যস্ত কৰে প্ৰতিবাদ।হাতে হাতে প্লে কাৰ্ড লৈ গীত গাই সাৱ্যস্ত কৰে এই প্ৰতিবাদ।গুৱাহাটীৰ প্ৰতিবাদী কাৰ্যসূচীত সংঘৰ কৰ্মকৰ্তাৰ লগতে উপস্থিত থাকে কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ উদয়াদিত্য ভৰালীৰ লগতে আন বহু গণ্য মান্য লোক।
- Log in to post comments
- 10 views