"পেট্ৰ'ল-ডিজেল-ৰন্ধন গেছৰ মূল্য ২০০৪চনৰ আগষ্ট মাহৰ হিচাপত হ'ব লাগে"-ৰিপুন বৰা

Ripun Bora

"আন্ত:ৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য বৰ্তমান ২০০৪ চনৰ আগষ্ট মাহৰ সমপৰ্যায়ৰ।গতিকে সেই সময়ত পেট্ৰ'ল-ডিজেল-ৰন্ধন গেছৰ মূল্য যি হিচাপত আছিল,সেই পৰ্যায়লৈ আনিব লাগে"-এই দাবী অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ।"মূল্যবৃদ্ধিৰে দৰিদ্ৰ জনতাৰ মূৰত মাধমাৰ মাৰি বিজেপি চৰকাৰে 'সব কা সাথ সব কা বিকাশ'ৰ কথা কয়'-তেওঁ লগতে কয়।

গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদ মেল সম্বোধন কৰি বৰাই আৰু কয়-"বিদ্যালয় মুকলি নোহোৱালৈকে ৰাজ্য চৰকাৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক ছাত্ৰ-ছাত্ৰীৰ ৫০% মাচুল ৰেহাই দিবলৈ নির্দেশ দিব লাগে।কেৱল জুলাই মাহত অভিভাৱকসকলৰ পৰা ৫০% মাচুল লৈছিল ব্যক্তিগত খণ্ডৰ ৰাজ্য বিদ্যালয়সমূহে।"

ইয়াৰ উপৰিও ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে লকডাউনৰ বাবে বিদ্যালয় বন্ধ থকাৰ সময়তো ছাত্ৰ-ছাত্ৰীৰ পৰা মাহিলী বাছ ভাড়া আদায় কৰাৰ বুলি গুৰুতৰ অভিযোগ উথাপন কৰে বৰাই।বৰাই কয় যে যেতিয়ালৈকে বিদ্যালয় বন্ধ থাকিব,তেতিয়ালৈকে কোনো বিদ্যালয়ে যাতে বাছ ভাড়া ল'ব নোৱাৰে,সেই সন্দৰ্ভত নির্দেশ প্ৰদান কৰিব লাগে।কাৰণ ব্যক্তিগত বিদ্যালয়সমূহ চৰকাৰৰ উৰ্ধত নহয়।

বাঘজান পৰিদৰ্শন কৰিবলৈ যোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কেৱল মাত্ৰ মূল ঘটনাস্থলীত থকা শিবিৰ ভ্ৰমণ কৰি কাষৰীয়া শিবিৰৰ ৰাইজক মনৰ কথাৰ বুজ নোলোৱাটোৰ গৰিহণা দিয়ে অসম প্ৰদেশ কংগ্ৰেছ।তথা সভাপতি বৰাই।

ইফালে,নুনমাটী,মৰিয়নী,হাজোত সংঘটিত হোৱা হত্যাকাণ্ডৰ উচিত তদন্তৰ আৰু দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায় বৰাই।

সংবাদ মেলতে অসম প্ৰদেশ কংগ্ৰেছ কর্মীসকলক আহ্বান জনায় সভাপতি বৰাই কয়-"বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ১৯জুনত ৰাহুল গান্ধীৰ।জন্মদিন যাতে আনুষ্ঠানিকভাৱে আয়োজন কৰা নহয়।"

Your Comments