গুৱাহাটীত ক'ৰ'না ভাইৰাছ আক্রান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে।দেওবাৰৰ দিনটোত গুৱাহাটীত ২০টা স্থানত ঘোষণা কৰা হৈছে কণ্টেইমেণ্ট জ'ন।ভ্ৰমণ বৃতান্ত নথকা ব্যক্তিৰ দেহত ধৰা পৰিছে ক'ৰ'না ভাইৰাছ।চিন্তিত হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ তথা মহানগৰীৰ প্ৰশাসন।আশংকা কৰা হৈছে মহানগৰীত ক'ৰ'নাৰ সামাজিক সংক্ৰমণৰ।
কণ্টেইমেণ্ট জ'নসমূহ হৈছে উদয়পুৰ বিৰুবাৰী,গাৰুবস্তি,আহোমগাঁও,শ্ৰীমন্তপুৰ ভঙাগড়,আঠগাঁও সাগৰ এপার্টমেণ্ট,মালিগাঁও বৈৰীপাৰা,জু-তিনিআলি,উলুবাৰী,হেঙেৰাবাৰী, পাণ্ডু লক' কলনী,পাণ্ডু জয়মতী নগৰ, বামুনীমৈদাম বি পি চলিহা নগৰ,চলাপাৰা পল্টন বজাৰ,নৱজ্যোতি নগৰ পাঞ্জাবাৰী,গেম ভিলেজ,এছবিআই গেষ্ট হাউচ,সৰু মটৰীয়া, সৰুমটৰীয়া,নাৰায়ণ নগৰ,ভৰলুমুখ, আকাশীনগৰ বামুণীমৈদাম।
ইফালে,সোমবাৰৰ পৰা প্ৰায় ৫০,০০০ মহানগৰীৰ লোকক ক'ৰ'না টেষ্ট কৰিব স্বাস্থ্য বিভাগে।পেট্ৰল পাম্প,গুদাম,পাৰ্কিং স্থানত সোমবাৰে সংগ্ৰহ কৰিব নমুনা।মঙলবাৰে মহানগৰীৰ ১২টা স্থানত শিবিৰ স্থাপন কৰি সংগ্ৰহ কৰা হ'ব নমুনা।ইতিমধ্যে এই কথা ঘোষণা কৰিছে স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।
- Log in to post comments
- 36 views