ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰি অসমবাসীক সুস্থ কৰি ৰখাৰ বাবে দিন-ৰাতি একাকাৰ কৰি কৰ্মসূূূচীত ব্যস্ত থকা স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ অসুখ।বৃক্ক ৰোগত আক্ৰান্ত হৈছে মন্ত্ৰীগৰাকী।গুৱাহাটী মেডিকেল কলেজ হাস্পতালত স্বাস্থ্য পৰীক্ষাত ধৰা পৰিছে মন্ত্ৰী শৰ্মাৰ বৃক্কত পাথৰৰ অৱস্থিতি।মন্ত্ৰীগৰাকীৰ বৃক্কত ৩.৭৬ এমএম আকাৰৰ পাথৰ অৱস্থিতি।
উল্লেখ যে যোৱা কিছুদিন ধৰি পেটৰ বিষত আক্রান্ত হৈ আছিল মন্ত্ৰী শৰ্মা।বৰ্তমান চেলাইন আৰু ইনজেকচন দি থকা হৈছে মন্ত্ৰী শৰ্মাক।
আলট্ৰা ছনোগ্রাফীৰ জৰিয়তে পাথৰৰ অৱস্থিতি ধৰা পৰাৰ পিছতে চিকিৎসকে মন্ত্ৰী শৰ্মাক জিৰণি লোৱাৰ পৰামৰ্শ প্ৰদান কৰিছে।
এই কথা টুইটৰ জড়িয়তে মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰিছে।
দেওবাৰৰ সম্পূৰ্ণ দিনটো জিৰণিত থাকিব বুলি মন্ত্ৰী শৰ্মাই উল্লেখ কৰিছে টুইটটোত।
- Log in to post comments
- 36 views