ঋতুপৰ্ণ পেগুৰ ন্যায় বিচাৰি সচেতন শিল্পী সমাজৰ পত্ৰ প্ৰেৰণ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত আৰু চিআইডিৰ সঞ্চালক প্ৰধানলৈ।নুনমাটি আৰক্ষী থানাৰ জড়িয়তে শিল্পী সমাজৰ হৈ পত্ৰ প্রেৰণ কৰিছে গীতিকাৰ অজয় ফুকনে।
নুনমাটী আৰক্ষী থানাৰ সহকাৰী আয়ুক্তৰ যোগেদি প্রেৰণ কৰা পত্ৰত তেওঁঁলোকে উল্লেখ কৰিছে-"অপৰাধীয়ে যাতে উচিত শাস্তি পায়, তাৰ বাবে আৰক্ষীৰ তৰফৰ পৰা যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰক।আপোনালোকৰ তদন্তই যেন দোষীক কঠোৰ শাস্তি প্ৰদান কৰিব পাৰে।অন্যথা ৰাজ্যত এনে অপৰাধ বাঢ়ি গৈ থাকিব।"
দুৰ্ভগীয়া পেগুৰ পৰিয়ালটোৱে ন্যায় লাভ কৰাৰ লগতে চৰকাৰৰ ফালৰ পৰা যাতে সহায়-সহযোগিতা আৰু ক্ষতিপূৰণ পায়,তাৰো আহ্বান জনাইছে শিল্পী সমাজে।
আনহাতে,নুনমাটী আছুৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ দোষীৰ উচিত শাস্তি প্ৰদানৰ দাবীৰে প্ৰেৰণ কৰিছে পত্ৰ।
উল্লেখ যে শুকুৰবাৰে দিন দুপৰতে নুনমাটীৰ আৰমান হোম ফাৰ্নিচাৰ নামৰ দোকানখনত ডিঙি কাটি হত্যা কৰা হৈছিল পেগুক।পত্নীসহ এটি ৯মহীয়া সন্তান আছিল চিলাপথাৰৰ মৃত ঋতুপৰ্ণৰ।
- Log in to post comments
- 29 views