'৫০হাজাৰ টেষ্টৰ ফলাফলৰ ওপৰত মহানগৰীত দ্বিতীয় পৰ্যায়ৰ লকডাউন নিৰ্ভৰ কৰিব'

Dr.Himanta Biswa Sarma

গুৱাহাটী মহানগৰীত ক'ৰ'না ভাইৰাছৰ আক্রান্তক লৈ চিন্তিত ৰাজ্যৰ স্বাস্থ্য বিভাগ।২৫ জনকৈ ব্যক্তি কোনো ট্ৰেভেল হিষ্টৰী নথকাকৈ আক্রান্ত হৈছে।এই কথা প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।

২৫জন ব্যক্তি আক্রান্ত হোৱা কাৰণ স্বাস্থ্য বিভাগে সন্দেহ প্ৰকাশ কৰা মতে গুৱাহাটীত থকা বিভিন্ন গুদামৰ লোডিং-আনলোডিং অথবা পার্কিং হ'ব পাৰে।কাৰণ হিষ্টৰী নথকা আক্রান্তকেইজন প্ৰায়সংখ্যক।দোকানী অথবা বিভিন্ন গুদামৰ কাষৰ।এই কথা উল্লেখ কৰিছে মন্ত্ৰী শর্মাই।

ইফালে,গুৱাহাটীৰ পৰিৱেশ যাতে অধিক ভয়াৱহ হ'বলৈ নোৱাৰে,তাৰ বাবে আগন্তক ১৫দিনৰ ভিতৰত গুৱাহাটীত প্ৰায় ৫০হাজাৰ টেষ্ট কৰা হ'ব বুলি ঘোষণা কৰিছে মন্ত্ৰীগৰাকীয়ে।লগতে তেওঁ উল্লেখ কৰিছে লোডিং-আনলোডিং,পাৰ্কিং,পেট্ৰ'ল পাম্পত স্বাস্থ্য বিভাগে সংগ্ৰহ কৰিব নমুনা।

যিসকল মহানগৰীৰ জনতাই বিভিন্ন মেডিকেলত টেষ্ট কৰিবলৈ অসুবিধা পাব,সেইসকলৰ বাবে অহা ১৬জুনত পুৱা ৯বজাৰ পৰা মহানগৰীৰ ১২টা স্থানত স্থাপন কৰা হ'ব নমুনা সংগ্ৰহ শিবিৰ।নিজ ইচ্ছা অনুসৰি সকলো লোকে কৰিব পাৰিব পৰীক্ষা।এই কথা জনালে মন্ত্ৰীগৰাকীয়ে।

শিবিৰসমূহ স্থাপন কৰা হ'ব গুৱাহাটী মেডিকেল কলেজ,মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল,ধীৰেণপাৰা,পাণ্ডু,উলুবাৰী,দিছপুৰ, খানাপাৰা,ভেটাপাৰা,লখৰা,বামুনীমৈদাম, শান্তিপূৰ,ওদালবাক্ৰা।

৫০ হাজাৰ টেষ্টত যদি ফলাফল পজিটিভ আহে,তেন্তে পুনৰ ঘোষণা হ'ব মহানগৰীত দ্বিতীয় লকডাউন।এই কথা ঘোষণা কৰিলে মন্ত্ৰী শৰ্মাই।তেওঁ কয় যে যিকোনো প্ৰকাৰে মহানগৰীত ক'ৰ'না চেইনডাল চিঙিব লাগিব।তাৰ বাবে প্ৰথমে আমি টেষ্ট কৰিব বিচাৰিছোঁঁ।

Your Comments