দেওবাৰে বাঘজানত উপস্থিত হ'ব কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰীসহ মুখ্যমন্ত্ৰী সোণোৱাল

Sonowal and Pradhan

ৰাইজৰ ক্ষোভ-তীব্ৰ সমালোচনাৰ পিছত উপায়হীন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।সুদীৰ্ঘ ১৯দিনৰ মূৰত বাঘজানত দেওবাৰে  উপস্থিত হ'ব কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানসহ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক লগত লৈ বাঘজানৰ পৰিস্থিতিৰ চৰজমিন বুজ লোৱাৰ লগতে আশ্ৰয় শিবিৰত থকা দুৰ্ভগীয়া অঞ্চলবাসী ৰাইজৰ মনৰ কথাৰ বুজ ল'ব।

গুৰুত্বপূৰ্ণ যে যোৱা ২৭মে' পৰা তেল খাদটোত তেল আৰু গেছ নিৰ্গত হৈ থকাৰ পিছত যোৱা ৯ জুনত সংঘটিত হয় ভয়ংকৰ বিস্ফোৰণ।কিন্তু তাৰ পিছতো ৰাজ্যৰ মুখ্যমন্ত্ৰী ঘটনাস্থলীত উপস্থিত নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছিল অঞ্চলবাসী ৰাইজে।

ইফালে,ৰাজ্য চৰকাৰৰ প্ৰতিনিধি হিচাপে ঘটনাস্থলীলৈ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী আৰু মন্ত্ৰী অতুল বৰাক প্ৰেৰণ কৰা হৈছে যদিও শান্ত হোৱা নাই ৰাইজ।সকলোৰে প্ৰশ্ন-ইমান এটা ভয়ংকৰ ঘটনাৰ পিচতো কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰীক লৈ মুখ্যমন্ত্ৰী কিয় যোৱা নাই বাঘজান পৰিদৰ্শন কৰিবলৈ।ৰাইজৰ ক্ষোভ আৰু সমালোচনাৰ পিছতে ১৯ দিনৰ মূৰত বাঘজান যোৱাৰ সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইফালে,কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগতে মুখ্যমন্ত্ৰী সোণোৱালৰ ভ্ৰমণক লৈ বাঘজান অঞ্চলত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা।

Your Comments