ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ জটিল সন্ধিক্ষণৰ বাবে চলিত বর্ষত সম্পূৰ্ণ অনলাইন পদ্ধতিত হ'ব উচ্চতৰ মাধ্যমিকৰ নামভৰ্তি প্ৰক্ৰিয়া।ৰাজ্যৰ শিক্ষা বিভাগে চলিত বর্ষৰ একাদশ শ্রেণীৰ নামভৰ্তিৰ বাবে জাৰি কৰিছে জাননী।'ছেবা'ৰ ৱেবছাইটত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ বাবে উপলব্ধ হ'ব এটা বিশেষ পৰ্টেল।'অন্বেষণ' নামৰ বিশেষ পৰ্টেলটোৰ জড়িয়তে মেট্ৰিক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলে নামভৰ্তি কৰিব লাগিব একাদশ শ্রেণীত।
নামভৰ্তি প্ৰ-পত্ৰ জমা কৰাৰ পিছত প্ৰতিখন উচ্চতৰ মাধ্যমিক বিদ্যালয়,মহাবিদ্যালয়ৰ প্ৰধান শিক্ষকে প্ৰকাশ কৰিব নামভৰ্তি তালিকা।
উল্লেখ যে ২০জুনৰ পৰা আৰম্ভ হ'ব নামভৰ্তিৰ বাবে আবেদন।৩০জুনত সামৰণি পৰিব আবেদন প্ৰক্ৰিয়া।সেই অনুসৰি পহিলা জুলাইত প্ৰকাশ পাব নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি তালিকা।এই কথা জাননীখনত উল্লেখ আছে।
ইফালে,১৫জুনৰ পৰা বিশেষ পৰ্টেলটো উপলব্ধ হ'ব ছেবা ৱেবচাইটত।
গুৰুত্বপূৰ্ণ যে চৰকাৰী আৰু বেচৰকাৰী সকলো খণ্ডৰ শিক্ষানুষ্ঠানৰ বাবে প্ৰযোজ্য হ'ব বিশেষ পৰ্টেলটো।
- Log in to post comments
- 53 views