প্ৰবীণ সাংবাদিক,সাহিত্যিক ভৈৰৱ শৰ্মাৰ বিয়োগত উত্তৰ গুৱাহাটীত শোকৰ ছাঁ

Bhairab Sharma

ৰাজ্যৰ এগৰাকী প্ৰবীণ সাংবাদিক,উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ,উত্তৰ গুৱাহাটী সাহিত্য সভাৰ সভাপতি ভৈৰৱ শৰ্মাৰ মঙলবাৰে দুপৰীয়া বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে।মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৪ বছৰ।এগৰাকী কবি,নিবন্ধ লিখক হিচাপেও প্ৰতিষ্ঠিত মৃদুভাষী,বিনয়ী ভৈৰৱ শৰ্মাই মৃত্যুৰ সময়ত সহধৰ্মিনী,এজন পুত্ৰ,দুগৰাকী জীয়াৰী, নাতি-নাতিনীক ইহসংসাৰত এৰি থৈ যায়।শৰ্মাৰ বিয়োগত তেওঁৰ জন্মস্থান উত্তৰ গুৱাহাটীত গভীৰ শোকৰ ছাঁ পৰে।উত্তৰ গুৱাহাটীৰ মধ্যমখণ্ড নিৱাসী শৰ্মাই মৃত্যুৰ সময়লৈকে আছাম ট্ৰিবিউন কাকতৰ উত্তৰ গুৱাহাটীৰ সংবাদদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।ভৈৰৱ শৰ্মাৰ বিয়োগত নৰ্থ গুৱাহাটী জাৰ্নেলিষ্ট ফ'ৰাম,উত্তৰ গুৱাহাটী সাহিত্য চক্ৰকে ধৰি বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে।

Your Comments