তিনিচুকীয়া জিলাৰ বাঘজানত ভয়ংকৰ পৰিস্থিতি।মঙলবাৰে গেছ নিৰ্গত হোৱা ৫ নং তেলখাদ ভয়াৱহ অগ্নিকাণ্ড।জুইৰ বাবে ভস্মীভূত তেলখাদটোৰ কাষৰীয়া ৪০ টাতকৈ অধিক বাসগৃহ।প্ৰাণৰক্ষা কৰিবলৈ নিৰাপদ ঠাইলৈ পলায়ন কৰিছে বহু লোক।অগ্নিকাণ্ডৰ বাবে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰচণ্ড ভাবুকি আহি পৰিছে।জুই জাহ যাবলৈ আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈচিত্ৰ।ইতিমধ্যে,ৰাষ্ট্ৰীয় উদ্যানখনৰ তৃণভূমি জ্বলি চাৰখাৰ।ছিংগাপুৰৰ পৰা অহা বিশেষজ্ঞই কোনো পদক্ষেপ গ্ৰহণ কৰাৰ আগতেই জ্বলি উঠিল জুই।
- Log in to post comments
- 38 views