কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈ আৰু চাৰি সতীৰ্থ কৃষক মুক্তি-ছাত্ৰ মুক্তিৰ নেতাৰ কাৰাবন্দিত্বৰ সোমবাৰে ৬ মাহ সম্পূৰ্ণ হ'ল।সুদীৰ্ঘ ৬টা মাহৰ পিছতো কৃষক নেতা অখিলসহ বাকী নেতাসকলক চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে কাৰাবন্দী কৰি থোৱাৰ বিৰোধিতাৰে তথা মুক্তিৰ দাবীত সোমবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ইয়াৰ আটাইকেইটা গণ সংগঠন নাৰী মুক্তি,ছাত্ৰ মুক্তি আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যজুৰি পালন কৰে 'মানৱ শৃংখল' প্ৰতিবাদী কাৰ্যসূচী।শাৰীৰিক ব্যৱধান বৰ্তাই ৰাখি ৰূপায়ণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচী।
উল্লেখযোগ্য,নাগৰিকত্ব সংশোধনী আইনক লৈ সমগ্ৰ অসমজুৰি উত্তাল প্ৰতিবাদ হৈ থকাৰ সময়তে যোৱা বর্ষৰ ১২ ডিচেম্বৰত অখিল গগৈ আৰু ছাত্ৰ মুক্তিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰক আৰক্ষীয়ে যোৰহাটৰ পৰা আটক কৰে।তাৰ পিছদিনা অর্থাৎ ১৩ ডিচেম্বৰত কৃষক মুক্তিৰ সম্পাদক ধৈৰ্য কোঁৱৰ আৰু ছাত্ৰ মুক্তিৰ সভাপতি বিতু সোণোৱালক গুৱাহাটীৰ পৰা চানমাৰিৰ আৰক্ষীয়ে আটক কৰিছিল।
চানমাৰি থানাৰ ২০০৯ চনৰ এটা পুৰণি গোচৰ তেওঁলোকৰ ওপৰত জাপি দি গোচৰটো ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ 'এনআইএ'লৈ হস্তান্তৰ কৰে।
তদুপৰি,অখিল গগৈৰ ওপৰত অসম আৰক্ষীৰ ক্ৰাইম বাঞ্চৰ এটা গোচৰ ৰুজু কৰাৰ লগতে উজনি অসমৰ শিৱসাগৰ,ডিব্ৰুগড়,চাবুৱাকে ধৰি কেইবাখনো থানাত 'কা' আন্দোলনৰ সময়ত ৰুজু হোৱা গোচৰ অখিলৰ ওপৰত জাপি দিয়া হয়।
সোমবাৰে এটা প্ৰেছ বিবৃতিৰ জড়িয়তে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰা , ভাস্ক' ডি শইকীয়া আৰু সম্পাদক মুকুট ডেকাই কয় যে অখিল গগৈৰ ওপৰত বিজেপি চৰকাৰখনে সম্পূৰ্ণ আক্ৰোষমূলক আৰু ষড়যন্ত্ৰমূলকভাৱে বিভিন্ন গোচৰ জাপি দি তেওঁক দীৰ্ঘদিন কাৰাবন্দী কৰি ৰখাৰ ষড়যন্ত্ৰ কৰিছে,যিটো সম্পূৰ্ণৰূপে স্বেচ্ছাচাৰী,অগণতান্ত্ৰিক আৰু অমানৱীয়।ক'ৰ'না মহামাৰীৰ এই দুৰ্যোগৰ সময়তো চৰকাৰখনে অখিলৰ ওপৰত অত্যাচাৰ কৰিবলৈ এৰা নাই।যিসময়ত ভাৰতৰ উচ্চতম ন্যায়ালয়ে কাৰাগাৰত থকা বন্দীসকলক যিমানপাৰে সিমান মুকলি কৰি দি কাৰাগাৰত কয়দীৰ সংখ্যা কমাবলৈ নিৰ্দেশ দিছে,সেইটো সময়ত অসমৰ বিজেপি চৰকাৰখনে অখিলৰ ওপৰত নতুন নতুন গোচৰ জাপি দি তেওঁক এখন জেইলৰ পৰা আন এখন জেইললৈকে অমানৱীয়ভাৱে ঘূৰাই ফুৰাইছে।বিজেপি চৰকাৰখনে সম্পূৰ্ণভাৱে গণতান্ত্ৰিক চৰিত্ৰ হেৰুৱাই পেলাইছে আৰু গণতান্ত্ৰিক আন্দোলনক মষিমূৰ কৰিবলৈ উঠিপৰি লাগিছে ।
- Log in to post comments
- 28 views