ক'ৰ'না ভাইৰাছৰ বাবে ৰাজ্যৰ অৰ্থনীতিৰ ব্যাপক ক্ষতি হৈছে।বহু ছাত্ৰ-ছাত্ৰীৰ পিতৃ-মাতৃয়ো জুৰুলা হৈছে অৰ্থৰ অভাৱত।সেই কথালৈ লক্ষ্য ৰাখি ৰাজ্যৰ শিক্ষা বিভাগে চলিত বর্ষত চৰকাৰী খণ্ডৰ বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত সকলো ছাত্ৰ-ছাত্ৰীক সম্পূৰ্ণ বিনামূলীয়াকৈ নামভৰ্তিৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰিলে ৰাজ্য শিক্ষামন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।গুৱাহাটীত সংবাদ মেল সম্বোধন কৰি মন্ত্ৰী শৰ্মাই কয়-"সম্পূৰ্ণ ১০০% ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি চলিত বর্ষত সম্পূৰ্ণ বিনামূলীয়া হ'ব।কোনো কাৰণত ছাত্ৰ-ছাত্ৰীৰ পৰা শিক্ষানুষ্ঠানখনে গ্ৰহণ কৰিব নোৱাৰিব মাচুল।যদি কোনোৱে এই কথা অমান্য কৰি মাচুল সংগ্ৰহ কৰে,তেন্তে তাৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব কঠোৰ শাস্তিমূলক ব্যৱস্থা।"
লগতে তেওঁ কয় যে নামভৰ্তিৰ সময়তে ছাত্ৰ-ছাত্ৰীসকলৰ বেংক একাউন্টৰ সবিশেষ লোৱা হ'ব।চৰকাৰী শিক্ষানুষ্ঠানৰ হোষ্টেলত থকা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক মাহে এহাজাৰ টকাকৈ বছৰত ১২,০০০ টকা ঘূৰাই দিয়া হ'ব।
- Log in to post comments
- 19 views