হাইস্কুল আৰু হাইমাদ্ৰাছাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক শুভেচ্ছা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

Pic

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক শুভেচ্ছা জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা জনাই সোণোৱালে কয়-"২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাত সফলতা অৰ্জন কৰা শিক্ষাৰ্থী বন্ধুসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।এতিয়া তোমালোকে নতুন উদ্যমেৰে আগুৱাই যাব লাগিব।"

"আশা কৰামতে ফলাফল দাঙি ধৰিব নোৱাৰা শিক্ষাৰ্থীসকল হতাশ হ'ব নালাগে।কাৰণ, কঠোৰ পৰিশ্ৰম আৰু সাধনাই তোমালোকৰ জীৱনতো এদিন নিশ্চিতভাৱে সফলতা কঢ়িয়াই আনিব"-সোণোৱালে কয়।

Your Comments