হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থান দখল কৰিলে লংকাৰ অংকিতা দেই

Lanka

লংকাৰ পৰা মনোজ কুমাৰ পাঠকৰ প্ৰতিবেদন :

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থান দখল কৰিলে লংকাৰ অংকিতা দেই।সৰ্বমুঠ ৫৮৪ নম্বৰ লাভেৰে দশম স্থান অধিকাৰ কৰিলে মেধাৱী ছাত্ৰী গৰাকীয়ে।লংকাৰ গুড চামাৰিটেন স্কুলৰ পৰা মেট্ৰিকত অৱতীৰ্ণ হৈছিল মেধাৱী ছাত্ৰী গৰাকী।অংকিতা দে লংকা নিবাসী শিক্ষক নিৰ্মল দে আৰু সুদীপ্তা দাসৰ সুযোগ্যা কন্যা।ছাত্ৰী গৰাকীৰ এই ফলাফলত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ লংকাবাসী ।

Your Comments