কোন জিলাৰ উত্তীৰ্ণৰ হাৰ সৰ্বাধিক আৰু কোন জিলাৰ সৰ্বনিম্ন

Hslc

নিউজ ডেস্ক :

এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিৱসাগৰ জিলাৰ পৰাই উত্তীৰ্ণ হৈছে সৰ্বাধিক ছাত্ৰ-ছাত্ৰী।জিলাখনৰ উত্তীৰ্ণৰ হাৰ ৮৩.৯২%।জিলাখনৰ পৰা  মুঠ অৱৰ্তীন হৈছিল ১১,০২৩জন, ইয়াৰে উত্তীৰ্ণ হৈছে ৯২৫১জন।প্ৰথম বিভাগত ২৮৬০, দ্বিতীয় বিভাগত ৩৩৭৭জন আৰু তৃতীয় বিভাগত ৩০১৪জন।

আনহাতে ৪৪.২০% উত্তীৰ্ণৰ হাৰেৰে সৰ্বনিম্ন স্থানত আছে ধুবুৰী জিলা। জিলাখনৰ অৱৰ্তীন হৈছিল ১৮৮২৩জন ছাত্র-ছাত্ৰী ইয়াৰে উত্তীৰ্ণ হৈছে ৮৩১৯জন।প্ৰথম বিভাগত ১৭৭১জন দ্বিতীয় বিভাগত ৩০২৫জন আৰু তৃতীয় বিভাগত ৩৫২৩ জন ছাত্র ছাত্ৰী উত্তীৰ্ণ হয়।

Your Comments