জিলা হিচাপে সৰ্বাধিক উত্তীণ শিৱসাগৰৰ গৌৰৱ: শীৰ্ষ ১০ত উজ্বলিল তিনি মেধাৱী

Sib

নিউজ ডেস্ক :

ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ইতিহাস প্ৰসিদ্ধ শিৱসাগৰলৈ গৌৰৱ কঢ়িয়ালে তিনি মেধাৱীৱে।শীর্ষ ১০ত উজ্বলিল জিলাখনৰ তিনিজনকৈ শিক্ষাৰ্থী।ষষ্ঠ স্থানত জিলিকিল শিৱসাগৰ ফুলেশ্বৰী ছোৱালী হাইস্কুলৰ হিমাশ্ৰী বৰুৱা।মুঠ নম্বৰ লাভ কৰিছে ৫৮৮।
অসমীয়াত ৯৩, ইংৰাজীত ১০০, সাধাৰণ গণিতত ১০০, সাধাৰণ বিজ্ঞানত ৯৯, সমাজ বিজ্ঞানত ৯৯, ঐচ্ছিক বিষয় ভূগোলত ৯৭ নম্বৰ লাভ কৰিছে।

ইফালে অষ্টম স্থান দখল কৰিছে জিলাখনৰ নামতী চাৰিআলি জাতীয় বিদ্যা নিকেটনৰ ছাত্ৰ অন্তৰীক্স হাজৰিকাই।ছাত্র গৰাকীয়ে মুঠ নম্বৰ লাভ কৰিছে ৫৮৬।তেওঁ অসমীয়াত ৯৪, ইংৰাজীত ৯৯, সাধাৰন গণিতত ১০০, সাধাৰণ বিজ্ঞানত ১০০, সমাজ বিজ্ঞানত ৯৩ আৰু ঐচ্ছিক গণিতত১০০নম্বৰ লাভ কৰিছে।

ইয়াৰ উপৰিও নৱম স্থানত আছে জিলাখনৰ মৰাণ চেণ্ট জোচেফ হাইস্কুলৰ অভিনৱ গগৈ।তেওঁ মুঠ নম্বৰ লাভ কৰিছে ৫৮৫।ছাত্ৰ গৰাকীয়ে অসমীয়াত ৯০, ইংৰাজীত ৯৮, সাধাৰণ গণিতত ১০০, সাধৰণ বিজ্ঞানত ৯৪, সমাজ বিজ্ঞানত ৯৭ আৰু ঐচ্ছিক গণিতত ১০০ নম্বৰ লাভ কৰে।

গুৰুত্বপূৰ্ণ কথা এই যে ৰাজ্যৰ ভিতৰতে সৰ্বাধিক উত্তীণ জিলা হৈছে ৪৩.৯২% শিৱসাগৰ।জিলাখনত মুঠ অৱৰ্তীন হৈছিল ১১০২৩ গৰাকী ছাত্ৰ ছাত্ৰী ইয়াৰে উত্তীৰ্ণ হয়  ৯২৫১ জন ছাত্ৰ-ছাত্ৰী।

Your Comments