চৰাইদেউ জিলাত বিশ্ব পৰিৱেশ দিৱস পালন:সাংসদ,বিধায়িকা আৰু উপায়ুক্তৰ কাৰ্যসূচীত অংশগ্ৰহণ

Pic

সোণাৰিৰ পৰা ঘন বৰা:

সমগ্ৰ বিশ্বৰ লগতে শুকুৰবাৰে চৰাইদেউ জিলাতো আনুষ্ঠানিকভাৱে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়।সোণাৰি বাণিজ্য মহাবিদ্যালয়ৰ চৌহদত মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী,ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীৰ উপস্থিতিত গছ পুলি ৰোপণ কৰে যোৰহাট জিলাৰ সাংসদ তপন কুমাৰ গগৈ,সোণাৰিৰ বিধায়িকা নৱনীতা সন্দিকৈ,চৰাইদেউ জিলাৰ উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়াৰ লগতে অতিৰিক্ত উপায়ুক্তদ্বয় ক্ৰমে দীপক কুমাৰ ভূঞা আৰু প্ৰণৱ কুমাৰ বড়ায়ে।সমাজকৰ্মী দিলীপ গগৈ,তিলক নেওগ,শিক্ষক মণি গগৈ আদি ব্যক্তিসকলেও উক্ত কাৰ্যসূচীত মহাবিদ্যালয় চৌহদত গছ পুলি ৰোপণ কৰে। সহকাৰী আয়ুক্ত সমুজ্জল বড়া আৰু  জনসংযোগ বিষয়া জয়ন্ত মাউতে পৰিচালনা কৰা অনুষ্ঠানত গছপুলি ৰোপণৰ জৰিয়তে বৰ্তমান গোলকীয় উষ্ণতা বৃদ্ধিৰ যুগত প্ৰাকৃতিক পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰাৰ লগতে গোটেই বিশ্বকে সেউজীকৰণৰ দিশত আগুৱাই লৈ যাব পৰা হ'ব বুলি সাংসদ তপন কুমাৰ গগৈয়ে মন্তব্য কৰে।আনহাতে,সোণাৰি আৱৰ্ত ভৱন আৰু দণ্ডাধীশ আৱাস চৌহদত গছপুলি ৰোপণ কৰে অতিৰিক্ত উপায়ুক্ত জিতু কুমাৰ দাসে।

Pic

উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত নিৰ্বাচনী বিষয়া লুকুমনি বড়া,সহকাৰী আয়ুক্তত্ৰয় জাহ্নবী গোস্বামী,নুজহাট নাছৰিন আৰু ফিলিচ ৰাংচালৰ লগতে কাৰ্যালয়ৰ অন্যান্য কৰ্মচাৰীসকলে গছপুলি ৰোপন কৰে।

Your Comments