গ্ৰেপ্তাৰ কৰা বুদ্ধিজীৱীক সসন্মানে ঘৰলৈ পঠাবলৈ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

গ্ৰেপ্তাৰ কৰা বুদ্ধিজীৱীক সসন্মানে ঘৰলৈ পঠাবলৈ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

দেশৰ ৫গৰাকী বুদ্ধিজীৱীক গ্ৰেপ্তাৰ কৰাৰ ঘটনাক লৈ মহাৰাষ্ট্ৰৰ বিজেপি চৰকাৰে লজ্জাজনকভাৱে মুখ থেকেচা খালে ৷ গ্ৰেপ্তাৰ হোৱা আটাইকেইগৰাকী বুদ্ধিজীৱীক সসন্মানেৰে তেওঁলোকৰ নিজ নিজ আৱাসলৈ উভতাই পঠিয়াবলৈ সৰ্বোচ্চ ন্যায়ালয়ে বুধবাৰে বিয়লি কঠোৰ নিৰ্দেশ জাৰি কৰে ৷

মাওবাদী বিদ্ৰোহীৰ সৈতে সম্পৰ্ক ৰখাৰ ভুৱা আৰু মনেসজা অভিযোগত মঙলবাৰে মহাৰাষ্ট্ৰৰ আৰক্ষীয়ে বিশিষ্ট তেলেগু লেখক ভাৰভাৰা ৰাও, ট্ৰেড ইউনিয়ন নেত্ৰী সুধা ভৰদ্বাজ আৰু তেওঁৰ কন্যা অনু ভৰদ্বাজ, মানৱাধিকাৰ কৰ্মী গৌতম নাৱলাখা, ভাৰ্নল গঞ্জালভেছ আৰু অৰুণ পেৰেইৰাক গ্ৰেপ্তাৰ কৰিছিল ৷

গ্ৰেপ্তাৰ কৰা বুদ্ধিজীৱীক সসন্মানে ঘৰলৈ পঠাবলৈ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

সৰ্বোচ্চ ন্যায়ালয়ে অৱশ্যে গ্ৰেপ্তাৰ হোৱা আটাইকেইগৰাকী বুদ্ধিজীৱীক অহা ৬ ছেপ্টেম্বৰলৈকে তেওঁলোকক নিজ নিজ আৱাসত নজৰবন্দী কৰি ৰাখিবলৈ নিৰ্দেশ দিয় ৷ তেওঁলোকৰ এজনকো আৰক্ষীৰ জিম্মাত ৰাখিব পৰা নাযাব বুলিও সৰ্বোচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে ৷

সৰ্বোচ্চ ন্যায়ালয়ে কয়, ‘বিৰুদ্ধ মত হৈছে গণতন্ত্ৰৰ সুৰক্ষা ভাল্‌ভ ৷ বিৰুদ্ধ কণ্ঠক দমন কৰিলে গ্ৰেপ্তাৰ কৰিলে প্ৰেছাৰ কুকাৰৰেই বিস্ফোৰণ ঘটিব ৷’
উল্লেখ্য যে এই ৫গৰাকী বুদ্ধিজীৱীক মহাৰাষ্ট্ৰ চৰকাৰে গ্ৰেপ্তাৰ কৰাৰ পিছতেই দেশৰ ৫গৰাকী বিশিষ্ট নাগৰিক যথাক্ৰমে ইতিহাসবিদ ৰোমিলা থাপাৰ, অৰ্থনীতিবিদ প্ৰভাত পাটনায়ক, সমাজকৰ্মী দৈৱকী জৈন, সমাজ বিজ্ঞানৰ অধ্যাপক সতীশ দেশপাণ্ডে আৰু প্ৰাক্তন সেনাপ্ৰধান জেনেৰেল ফিল্ড মাৰ্শ্বাল ছাম মানেকশ্ব’ৰ কন্যা মাজা দাৰুৱালাই বুধবাৰে গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় ৷

গ্ৰেপ্তাৰ কৰা বুদ্ধিজীৱীক সসন্মানে ঘৰলৈ পঠাবলৈ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

বিয়লি ৪.৩০ বজাত এই জনস্বাৰ্থ সম্পৰ্কীয় গোচৰৰ শুনানি আৰম্ভ হয় ৷ আবেদনকাৰীসকলৰ হৈ আইনী সহায় আগবঢ়ায় আইনজীৱী অভিষেক মানু সিংভি, ৰাজীৱ ধাৱান, ইন্দিৰা জয়সিং, দুষ্মন্ত দাভে, ৰাজু ৰামচন্দ্ৰন, প্ৰশান্ত ভূষণ আৰু বৃন্দা গ্ৰোভাৰে ৷

মন কৰিবলগীয়া যে মহাৰাষ্ট্ৰ চৰকাৰে ‘প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক হত্যা কৰাৰ ষড়যন্ত্ৰ’ত জড়িত থকাৰ অভিযোগ তুলিছিল গ্ৰেপ্তাৰ হোৱা ব্যক্তিসকলৰ বিৰুদ্ধে ৷ কিন্তু সৰ্বোচ্চ ন্যায়ালয়ত এই বিষয়ত আৰক্ষীয়ে কোনো তথ্য-প্ৰমাণেই দাখিল কৰিব পৰা নাই ৷

গ্ৰেপ্তাৰৰ সময়ত আৰক্ষীয়ে কোনো সাক্ষীও ৰখা নাছিল ৷ কেৱল সেয়াই নহয়, আৰক্ষীয়ে মাৰাঠী ভাষাত লিখা গ্ৰেপ্তাৰী পৰোৱানা লৈ অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰিছিল, যি ভাষা অভিযুক্তসকলৰ বোধগম্য নাছিল ৷

দিল্লীৰ নিম্ন আদালততো আৰক্ষীয়ে মাৰাঠী ভাষাত নথি-পত্ৰ দাখিল কৰিছিল ৷ নিম্ন আদালতে সেই ভাষা কেনেকৈ বুজি পালে বুলিও প্ৰশ্ন তোলে সৰ্বোচ্চ ন্যায়ালয়ৰ আইনজীৱীসকলে ৷

বিৰুদ্ধ কণ্ঠ দমন কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে সুপৰিকল্পিতভাৱে যে এই গ্ৰেপ্তাৰ অভিযান আৰম্ভ কৰিছে সেয়া সৰ্বোচ্চ ন্যায়ালয়ৰ শুনানিত স্পষ্ট হৈ যায় ৷

গ্ৰেপ্তাৰ কৰা বুদ্ধিজীৱীক সসন্মানে ঘৰলৈ পঠাবলৈ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

আবেদনকাৰী ৰোমলা থাপাৰে কয়- হত্যা, গণপ্ৰহাৰ আদিৰ জৰিয়তে যিসকলে সমাজত আতংক বিয়পাই আছে, তেওঁলোককহে গ্ৰেপ্তাৰ কৰা উচিত ৷ যিসকলে মানৱাধিকাৰৰ বাবে যুঁজি আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰি চৰকাৰে নাগৰিক অধিকাৰ খৰ্ব কৰিছে ৷

অৰ্থনীতিবিদ প্ৰভাত পাটনায়কে কয়, চৰকাৰে শ্ৰমিক-কৃষকসহ সৰহভাগ মানুহৰ সমৰ্থন হেৰুৱাই আতংকিত হৈ পৰিছে ৷ এয়া তাৰেই উদাহৰণ ৷ সেই কাৰণেই জৰুৰী অৱস্থাৰ বাতাৱৰণ তৈয়াৰ কৰি আছে চৰকাৰে ৷

ইফালে গ্ৰেপ্তাৰ হোৱা বুদ্ধিজীৱীসকলে সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়ৰ পিছতেই চৰকাৰক কাপুৰুষ বুলি আখ্যা দিয়ে ৷ তেওঁ কয়, 'ভীমা কোৰেগাঁৱত হিংসাত জড়িত প্ৰকৃত দোষীক লুকাই ৰখাৰ চেষ্টা কৰিছে চৰকাৰে ৷

কাপুৰুষ চৰকাৰখনে ৰাজনৈতিক বিৰোধিতাক মষিমূৰ কৰিবলৈ এনে পদক্ষেপ গ্ৰহণ কৰিছে ৷' সুধা ভাৰদ্বাজে কয়, ‘দলিত আৰু জনজাতীয় মানুহৰ অধিকাৰৰ হকে যিয়েই যুঁজিব আৰু বৰ্তমান চৰকাৰৰ বিৰোধিতা কৰিব চৰকাৰে তেওঁকেই গ্ৰেপ্তাৰ কৰিব৷’

তেওঁ অভিযোগ কৰে যে আৰক্ষীয়ে তেওঁৰ মোবাইল, লেপটপ, পেনড্ৰাইভ আদি বাজেয়াপ্ত কৰিছে আৰু জি-মেইল আৰু টুইটাৰৰ পাছৱৰ্ডো লৈছে ৷ এইবোৰৰ তথ্য এতিয়া আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব বুলিও আশঙ্কা প্ৰকাশ কৰে ভৰদ্বাজে ৷ এই গোচৰৰ পৰৱৰ্তী শুনানি অহা ৬ ছেপ্টেম্বৰত হ’ব ৷

Your Comments