আজি পাঁচ জুন,বিশ্ব পৰিৱেশ দিৱস।সমগ্ৰ বিশ্বৰ লগতে আজি অসমতো পালন কৰা হৈছে পৰিৱেশ ৰক্ষাৰ বাবে এই দিৱস।চৰকাৰী আৰু বেচৰকাৰীভাৱে ৰাজ্যৰ বিভিন্ন ঠাইত পালন কৰা হৈছে এই দিৱস।
পুৱাই অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙে অন্য বছৰৰ দৰে আজিও ৰোপন কৰে গছপুলি।গছপুলি ৰোপন কৰি তেওঁ কয়-"সকলোৱে গছপুলি ৰোৱক।কেৱল ৰোপন কৰিলে দায়িত্ব শেষ নহয়,তাৰ যত্ন ল'ব লাগিব।"
"গছ থাকিলেহে মানুহ থাকিব।গছৰ অবিহনে মানুহ জীয়াই থাকিবলৈ নোৱাৰে।বিশ্ববাসীয়ে গছপুলি ৰোপন কৰি তাক প্ৰতিপালন কৰি ডাঙৰ-দীঘল কৰিব"-পায়েঙে কয়।
ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি প্ৰতিগৰাকী ৰাজ্যবাসীক এজোপাকৈ বৃক্ষ ৰোপন কৰাৰ বাবে আহ্বান জনাইছে।
- Log in to post comments
- 110 views