প্ৰসঙ্গ দিহিং পাটকাইত কয়লাৰ মুক্ত খনন: ৰাজ্য-কেন্দ্ৰীয় চৰকাৰ আৰু ক'ল ইণ্ডিয়ালৈ উচ্চ ন্যায়ালয়ৰ কাৰণ দৰ্শোৱা জাননী

Ghy High Court

দিহিং পাটকাইত মুক্ত কয়লা খননৰ অনুমতিৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত দাখিল হোৱা তিনিখন ৰাজহুৱা স্বাৰ্থজনিত পিআইএলৰ বৃৃহস্পতিবাৰে অনুষ্ঠিত হয় প্ৰথম শুনানি।ন্যায়াধীশ অজয় লাম্বা আৰু সুমিত্ৰ শইকীয়াৰ আদালতত অনুষ্ঠিত হয় প্ৰথম শুনানি।ৰাজ্য-কেন্দ্ৰীয় চৰকাৰ আৰু ক'ল ইণ্ডিয়ালৈ ন্যায়ালয়ে জাৰি কৰিলে কাৰণ দৰ্শোৱাৰ জাননী।বান্ধি দিয়া হৈছে সময়সীমা। ১৪ জুলাইৰ ভিতৰত দাখিল কৰিব লাগিব ন্যায়ালয়ত শপতনামা।

উল্লেখ যে ক'ল ইণ্ডিয়াক নেচনেল ৱাইল্ড লাইফে দিয়া কয়লাৰ মুক্ত খননৰ অনুমতিক প্ৰত্যাহ্বান জনাই দাখিল হৈছিল তিনিওখন আবেদন।এই কথা প্ৰকাশ কৰিলে অধিবক্তা বিক্ৰম ৰাজখোৱাই।

 
ইফালে,গুৱাহাটী উচ্চ ন্যায়ালয়ত ২০জুলাইত হ'ব গোচৰটোৰ পৰৱৰ্তী শুনানি।

তাৎপৰ্যপূৰ্ণ যে একেই অভিযোগতে ২০১৮ চনতো দাখিল হৈছিল এখন পিআইএল।

Your Comments