২০ বছৰীয়া অপেক্ষাৰ অন্ত ! এছিয়ান গেমছত মহিলা হকীৰ ফাইনেলত ভাৰত

২০ বছৰীয়া অপেক্ষাৰ অন্ত ! এছিয়ান গেমছত মহিলা হকীৰ ফাইনেলত ভাৰত

এছিয়ান গেমছৰ ইতিহাসত ২০ বছৰীয়া অপেক্ষাৰ অন্ত পৰিল ভাৰতীয় মহিলা হকী খেলুৱৈসকলৰ ৷ জাকাৰ্টাত চলি থকা অষ্টাদশ এছিয়ান গেমছত হকীৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় দলটোৱে ৷

বুধবাৰে অনুষ্ঠিত ছেমি ফাইনেলত ভাৰতে তিনিবাৰৰ চেম্পিয়ন চীনক ১-০ গ'লত পৰাস্ত কৰে ৷ ভাৰতৰ হৈ একমাত্ৰ গ'লটো দিয়ে গুৰজিৎ কৌৰে ৷ স্মৰ্তব্য যে ভাৰতে ১৯৯৮ চনৰ এছিয়ান গেমছত ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰিছিল ৷

এই পৰ্যন্ত এবাৰ স্বৰ্ণ পদক জয় কৰিছে ভাৰতে ৷ শুকুৰবাৰে অনুষ্ঠিত হ'বলগীয়া ফাইনেলত জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ভাৰতৰ মহিলা হকী দলটো ৷

Your Comments