বিশ্ব পৰিৱেশ দিৱস:অসমৰ প্ৰতিজন বাসিন্দাক একোটাকৈ গছপুলি ৰোপনৰ আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

Sarbananda Sonowal

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মুখ্যমন্ত্ৰী সোণোৱালে জনালে বিশেষ আহ্বান

শুকুৰবাৰে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যবাসী জনতাক জনালে শ্ৰদ্ধা আৰু শুভেচ্ছা।

"এক বৃক্ষ,দশ পুত্ৰসম এই বাণীৰ উদ্বুদ্ধ হৈ প্ৰতিজন অসমৰ বাসিন্দাই একোটাকৈ গছৰ পুলি ৰোপন কৰি প্ৰাকৃতিক বাতাৱৰণ জীয়াই ৰখাটো দায়িত্ব"-সোণোৱালে কয়।

অসমৰ বায়ুমণ্ডল বিশুদ্ধ কৰি ৰখাৰ প্ৰয়াস কৰিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয়-"আমি প্ৰত্যেকে একোটাকৈ গছৰ পুলি ৰোপন কৰি সঁচা অৰ্থত প্ৰকৃতিক ভালপোৱাৰ পৰিচয় দিব লাগিব।"

ৰাজ্যৰ প্ৰতিখন বিদ্যালয়,মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী শিক্ষক-শিক্ষয়িত্ৰী,জ্যেষ্ঠ নাগৰিক, গাঁওবুঢ়া, শনির্বাচিত পঞ্চায়ত প্ৰতিনিধি আৰু বিধায়কসকলক আহ্বান জনাই সোণোৱালে কয়-"প্ৰাকৃতিক বাতাৱৰণ ৰক্ষা কৰাৰ বাবে সকলোৱে এটাকৈ গছপুলি ৰোপন কৰক।"

"সকলো সময়তে আমি বনাঞ্চল ৰক্ষা কৰাৰ কথা কৈ আহিছোঁ।শাসক-বিৰোধী সকলোৱে বৃক্ষৰোপন যাত্ৰাত যদি আত্মনিয়োগ কৰোঁঁ,তেন্তে নিশ্চিতভাৱে অসম প্ৰদূষণমুক্ত হৈ থাকিব"-সোণোৱালে লগতে কয়।

Your Comments