দেশৰ ৬০০ ৰে'ল ষ্টেচনত উপলব্ধ হ'ব ৱাই-ফাই

দেশৰ ৬০০ ৰে'ল ষ্টেচনত উপলব্ধ হ'ব ৱাই-ফাই

কেন্দ্ৰীয় ৰে'লমন্ত্ৰী পীয়ূষ গোৱেলে মঙলবাৰে ঘোষণা কৰে যে আগন্তুক ৬-৮ মাহৰ ভিতৰত দেশৰ প্ৰায় ৬০০টা ৰে'ল ষ্টেচনত ৱাই-ফাই ব্যৱস্থা সংযোগ কৰা হ'ব ৷ ৰে'ল মন্ত্ৰীগৰাকীয়ে দেশৰ দুৰ্গম অঞ্চলসমূহত দ্ৰুত ইণ্টাৰনেট সেৱা প্ৰৱৰ্তনৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ৷

'আমি বিশ্বাস কৰোঁ যে যদি আমি ডিজিটেল প্ৰযুক্তিৰ সুফল লাভ কৰিব লাগে তেতিয়াহ'লে মূল কথাটো হ'ল দেশৰ দুৰ্গম অঞ্চলসমূহলৈ প্ৰযুক্তিৰ পৰ্যাপ্ততা নিশ্চিত কৰিব লাগিব ৷' -'ফেডাৰেচন অব্‌ ইণ্ডিয়ান চেম্বাৰ্ছ অব্‌ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী'য়ে আয়োজন কৰা 'স্মাৰ্ট ৰে'লৱে'জ কনক্লেভ'ত অংশগ্ৰহণ কৰি ৰে'লমন্ত্ৰীগৰাকীয়ে এনেদৰে কয় ৷

দেশৰ ৬০০ ৰে'ল ষ্টেচনত উপলব্ধ হ'ব ৱাই-ফাই

গোৱেলে লগতে কয় যে ৰে'লৱে'য়ে শেষ দূৰত্বলৈকে যোগাযোগ নিশ্চিত কৰাৰ বাবেও কৰ্ম-আঁচনি গ্ৰহণ কৰিছে, য'ত ফাইবাৰ অপ্টিক নেটৱৰ্ক উপলব্ধ নহয় ৷ 'আমি আশাবাদী যে আগন্তুক ৬ৰ পৰা ৮ মাহৰ ভিতৰত প্ৰায় ৬০০ ৰে'ল ষ্টেচনৰ সকলোতে ৱাই-ফাই ব্যৱস্থা কাৰ্যক্ষম হৈ উঠিব ৷' -ৰে'লমন্ত্ৰী গোৱেলে লগতে ব্যক্ত কৰে ৷

আনহাতে, স্মাৰ্ট প্ৰকল্প কাৰ্যকৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ কথাও ৰে'লমন্ত্ৰীগৰাকীয়ে সদৰী কৰে ৷ এই ক্ষেত্ৰত চিন্তা, পৰিকল্পনা আৰু কাৰ্যব্যৱস্থা অতি ক্ষিপ্ৰতাৰে আৰম্ভ কৰিব লাগিব বুলিও তেওঁ উল্লেখ কৰে ৷

দেশৰ ৬০০ ৰে'ল ষ্টেচনত উপলব্ধ হ'ব ৱাই-ফাই

বিগত ৪টা বছৰত এই পৰিৱৰ্তন সকলোৱে লক্ষ্য কৰিছে বুলিও তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে ৷

আনহাতে, ৰে'লৰ সময়ানুৱৰ্তিতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি গোৱেলে কয় যে বিগত ১ এপ্ৰিলৰ পৰা ২৮ আগষ্টলৈ কম্পিউটাৰ টাইমিং ব্যৱস্থা আৰম্ভ কৰাৰ বাবে সময়ানুৱৰ্তিতা ৭৩-৭৪ শতাংশ উন্নত হৈছে ৷

দেশৰ ৬০০ ৰে'ল ষ্টেচনত উপলব্ধ হ'ব ৱাই-ফাই

মোবাইল ফোনৰ জৰিয়তে যাতে প্ৰতিখন ৰে'লৰ প্ৰকৃত অৱস্থান যাত্ৰীয়ে জানিব পাৰে তাৰবাবে সকলো স্থানতে জি পি এছ ব্যৱস্থা কাৰ্যকৰীকৰণৰ বাবে কাম কৰি থকাৰ কথাও ৰে'লমন্ত্ৰী গোৱেলে জানিবলৈ দিয়ে ৷

Your Comments