'২১ৰ নির্বাচনলৈ অগপৰ ৰণকৌশল:সামাজিক মাধ্যমৰ জড়িয়তে চলিব প্ৰচাৰ

Atul Bora

সামাজিক দূৰত্ব মানি অসম গণ পৰিষদৰ গুৱাহাটীৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ত দলৰ গুৰুত্বপূৰ্ণ বৈঠক।অগপ ভাতৃ-ভগ্নী সংগঠনেৰে বৈঠকত মিলিত হয় কেন্দ্ৰীয় নেতৃত্ব।

সভাপতি অতুল বৰাৰ নেতৃত্বত অনুষ্ঠিত বৈঠকত আলোচনা কৰা হয় '২১ৰ বিধানসভা নিৰ্বাচনৰ ৰণকৌশল।সমষ্টি ভিত্তিত দলে গঠন কৰিব আইটি চেল।সামাজিক মাধ্যমৰ জৰিয়তে চলিব প্ৰচাৰ।মুঠ ৮৫ টা সমষ্টিত গঠন হ'ব আইটি চেল।উল্লেখ্য যে এই ৮৫ টা সমষ্টি হৈছে অগপ দলে বিভিন্ন সময়ত দখল কৰি অহা সমষ্টি।

বৈঠকৰ সিদ্ধান্ত মৰ্মে ভিডিঅ' কনফাৰেন্সৰ  জৰিয়তে প্ৰতিটো সমষ্টিত বিষয়ববীয়াৰ লগত মিলিত হ'ব কেন্দ্ৰীয় নেতৃত্ব।প্ৰতিটো সমষ্টিত আইটি চেলৰ দায়িত্বত আছে দলৰ একোজন কেন্দ্ৰীয় নেতৃত্ব।

আনহাতে,আগন্তুক বানপানীৰ সময়ত প্ৰতিটো সমষ্টিতে দলৰ কৰ্মীসকলক ৰাইজক সহায় কৰাৰ আহ্বান জনাই সভাপতি অতুল বৰাই।

বুধবাৰৰ বৈঠকত উপস্থিত থাকে অগপৰ মহিলা পৰিষদ,যুৱ পৰিষদ,ছাত্ৰ পৰিষদৰ প্ৰৰতিনিধি।লগতে বৈঠকত উপস্থিত থাকে সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য,ডা:কমলা কলিতা,বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা,বিধায়ক সত্যব্ৰত কলিতা, মনোজ শইকীয়াকে আদি কৰি বহুকেইগৰাকী শীৰ্ষ নেতৃত্ব।

Your Comments