ক'ৰ'না ভাইৰাছৰ বাবে বিধ্বস্ত হ'ব লগা হোৱা অসমৰ কৃষি,পশুধন আদি ক্ষেত্ৰসমূহ কিদৰে উদ্ধাৰ কৰিব পৰা যাব,সেই সন্দৰ্ভত ৰোডমেপ প্ৰস্তুতৰ বাবে গুৰুত্বপূৰ্ণ বৈঠক প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত।মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত অনুষ্ঠিত বৈঠকত কৃষি,পশুপালন বিভাগৰ বিষয়াসকলৰ উপৰিও 'নাবাৰ্ড'ৰ বিষয়াসকল উপস্থিত থাকে।
বৈঠকৰ অন্তত মন্ত্ৰী অতুল বৰাই সংবাদ মাধ্যমৰ আগত কয়-"ক'ৰ'নাই আমাক বহু কথা শিকালে,বহু ক্ষতি কৰিলে।এতিয়া আমি কিদৰে আগবাঢ়িব লাগিব,সেই সন্দৰ্ভত চিন্তা কৰাৰ প্ৰয়োজন আছে।"
বৈঠকত বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।কৃষি,কৃষক আৰু সহযোগী খণ্ডৰ উদ্যোগসমূহক ঋণ দিয়াৰ বাবে সহজ পন্থা ব্যৱস্থা কৰিবলৈ নাবাৰ্ডক আহ্বান জনোৱা হৈছে।
"ৰাজ্যৰ ৯৫ শতাংশ গো-পালক অসংগঠিত হৈ আছে।সেইসকলক সংগঠিত কৰাৰ বাবে আজিৰ বৈঠকত পৰামৰ্শ দিয়া হৈছে।"-মন্ত্ৰী বৰাই কয়।
উল্লেখ যে ক'ৰ'নাৰ বাবে বহি:ৰাজ্যৰ পৰা ঘূৰি অহা যুৱকসকলক সংস্থাপন দিব লাগিব বুলি উল্লেখ কৰি মন্ত্ৰী বৰাই কয়-"কৃষি ক্ষেত্ৰত যথেষ্ট সুবিধা আছে।ৰাজ্যিক পৰ্যায়ত এখন কমিটী গঠন কৰিছোঁ। জিলা পৰ্যায়তো গঠন হব কমিটী।"
২৫টা নলেজ চেণ্টাৰ গঠন কৰা হ'ব।নাবাৰ্ডৰ সহযোগিতা লাভ কৰিব বুলি মন্ত্ৰী বৰাই উল্লেখ কৰে।
উৎপাদন বৃদ্ধি কৰিব লাগিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে আৰু কয়-"খেতিয়কসকলক শূূূন্য শতাংশ সুুতৰ হাৰত প্ৰদান কৰা হ'ব কেচিচি ঋণ।ক'ৰ'নাত আৰু বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যৰ কৃষকক দিয়া হ'ব সাহায্য।"
"প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ পৰা ৮ লাখ ১৯ হাজাৰ ভুৱা কৃষকৰ নাম কৰ্তন কৰা হৈছে।আৰু কেইবালাখৰ নাম কৰ্তন হ'ব এই আঁচনিৰ পৰা"-মন্ত্ৰী বৰাই কয়।
- Log in to post comments
- 61 views