কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এনডিএ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ শনিবাৰে প্ৰথম বৰ্ষপূৰ্তি।বিগত বর্ষৰ আজিদিৰ দিনটোতে দ্বিতীয়বাৰৰ বাবে দেশ শাসনৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল মোডী চৰকাৰখনে।দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত গ্ৰহণ কৰিছিল দ্বিতীয়টো কাৰ্যকালৰ শপত গ্ৰহণ।
দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম বর্ষত বহুকেইটা সিদ্ধান্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে মোডী চৰকাৰে।জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ নং অনুুুচ্ছেদ কৰ্তন,নাগৰিকত্ব সংশোধনী আইন-২০১৯ গৃহীতকৰণ আদি।
ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম বৰ্ষপূৰ্তিত আন্তৰিক অভিনন্দন জ্ঞাপন কৰি কয়-"বিগত বছৰটোৱে ভাৰতবর্ষৰ বাবে বিভিন্ন ঐতিহাসিক সফলতাৰ সাক্ষ্য বহন কৰিছে,যি আমাৰ গণতন্ত্ৰক মজবুত কৰাৰ লগতে বিশ্বৰ প্ৰেক্ষাপটত ভাৰতক শক্তিশালী হিচাপে প্ৰতিষ্ঠিত কৰিলে।বিগত ৬ বছৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সুদক্ষ নেতৃত্ব আৰু দূৰদৰ্শী পথ প্ৰদৰ্শনৰ ফলত প্ৰকৃত অন্ত্যোদয়ৰ ভাবনাৰে দেশত আমূল পৰিৱৰ্তনৰ সূচনা হৈছে।এই সময়ছোৱাত প্ৰতিগৰাকী নাগৰিককে চৰকাৰৰ একোটা শক্তিশালী অংশ হিচাপে গণ্য কৰা হৈছে। বৰ্তমান সৰ্বাংগীণ উন্নয়ন আৰু ৰূপান্তৰৰ মাজেৰে আমি এক অভূতপূৰ্ব যুগৰ সাক্ষী হোৱাৰ পথত পূৰ্ণ উদ্যমেৰে আগবাঢ়িছোঁ"- লগতে মুখ্যমন্ত্ৰী সোনোৱালে কয়।
মোডী নেতৃত্বাধীন এনডিএ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম বৰ্ষপূৰ্তিৰ শুভেচ্ছা জনাইছে ৰাজ্যৰ বিত্তমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।তেওঁ কয়-"এটা সোণালী বর্ষ অতিক্ৰম কৰিছে।বিগত ছয় বছৰত ভাৰতত দ্ৰুত উন্নয়ন সম্ভৱ হৈছে।"
- Log in to post comments
- 15 views