চলিত বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য।তেজপুৰত শিক্ষামন্ত্ৰী গৰাকীয়ে জুন মাহৰ প্ৰথম সপ্তাহত ৰাজ্যত মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব পাৰে বুলি গুৰুত্বপূৰ্ণ ইংগিত প্ৰদান কৰে।তাৰ বাবে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক সাজু হ'বলৈ আহ্বান জনাইছে মন্ত্ৰী শৰ্মাই।
"প্ৰথম পৰ্যায়ত দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ ক্লাছসমূহ আৰম্ভ কৰিবলৈ চিন্তা কৰিছোঁ।যদি সেয়া সম্ভৱ হয়, ১৫ জুনৰ পিছৰ পৰা ক্লাছসমূহ আৰম্ভ হ'ব।কাৰণ ১০ জুনৰ পিছত ৰাজ্যলৈ বাহিৰৰ পৰা মানুহ অহা কমি যাব।তাৰপ্ৰতি লক্ষ্য ৰাখি পৰিকল্পনা কৰা হৈছে"-মন্ত্ৰী শৰ্মাই কয়।
তেওঁৰ ব্যক্তিগত অভিমতত দশম শ্রেণী ১৫ জুনৰ পৰা আৰম্ভ হ'ব লাগে বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয়-"যিহেতু স্কুল-কলেজসমূহ ভাৰত চৰকাৰে বন্ধ দিছে।তাৰ বাবে তেওঁলোকে খুলি নিদিয়ালৈ পৰিকল্পনা কৰিব নোৱাৰো।গতিকে ১জুনত তেওঁলোকৰ পৰা নতুন পত্ৰ আহিব,তাৰ ভিত্তিত আমি সিদ্ধান্ত ল'ম।"
- Log in to post comments
- 74 views