আতংকৰ মাজতে ভাল খবৰ।ৰাজ্যত শুকুৰবাৰে ২২ জন ক'ৰ'না আক্রান্ত সুস্থ হ'ল।গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ৬জন,মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত ১২জন,শিলচৰ মেডিকেল কলেজত ৩ জন আৰু যোৰহাট মেডিকেল কলেজত ১জন ক'ৰ'না আক্রান্ত সুুস্থ হয়।
সুস্থ হৈ উঠাৰ বাবে আক্রান্তকেইজনক দিয়া হয় ৰিলিজ।ৰাজ্যত ১২৫ জনলৈ বৃদ্ধি পালে সুস্থ হৈ উঠা আক্রান্তৰ সংখ্যা।এই কথা অৱগত কৰিলে মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।
গুৰুত্বপূৰ্ণযে ৰাজ্যত মুঠ আক্রান্তৰ সংখ্যা ৯৩৫জন।শুকুৰবাৰৰ দিনটোত ৫৫ জন নতুনকৈ আক্রান্ত হৈছিল ক'ৰ'নাত।
- Log in to post comments
- 14 views